চেঙাৰ পৰা সুৰজিৎ পাঠক
নলবাৰী জিলাৰ দৌলাশালৰ ঐতিহ্যপূৰ্ণ মহাপ্ৰভু শ্ৰীশ্ৰী কানাই ব'লাই সভা মহোৎসৱস্থলী ভক্তৰ সমাৱেশেৰে উথপথপ হৈ পৰিছে । আজি পাঁচ সহস্ৰাধিক ভক্তৰ সমাৱেশত সভা মহোৎসৱৰ হোমযজ্ঞ সমাপন হয় । উলেখ্য যে দৌলাশালৰ ৫৭ সংখ্যক বাৰ্ষিক সভা মহোৎসৱ কালিৰে (শুকুৰবাৰ) পৰা পাঁচদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে শুভাৰম্ভ হৈছে । দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত প্ৰতিবছৰে পৱিত্ৰ ভৈমী একাদশীৰ পৰা আৰম্ভ হোৱা দৌলাশালৰ সভা মহোৎসৱ নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোত বসবাস কৰা হিন্দু-মুছলমান লোকৰ মাজৰ এক সমন্বয়থলীত পৰিগণিত হৈ আহিছে ।
কালি পুৱা প্ৰভাত ফেৰী আৰু ঊষা কীৰ্তনৰ পিছতে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰীয়ে ধৰ্মধ্বজা উত্তোলন কৰি ৫৭ সংখ্যক সভা মহোৎসৱৰ বিস্তৃত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । বন্তি প্ৰজ্বলন কৰে উন্নতি সাধিনী সভাৰ সম্পাদক আৰু সহকাৰী সম্পাদক ক্ৰমে ফুকন নাথ আৰু ব্ৰীজেশ নাথে । শ্বহীদ তৰ্পণ কৰে দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা আৰু স্থানীয় সংবাদিক লীলাধৰ পাঠকে ।
মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ উপ-সভাপতি দ্বিজেন বৰ্মণ আৰু সমাজকৰ্মী আনন্দ বৈশ্যই । সন্ধিয়া স্মৃতিফলকত বন্তি প্ৰজ্বলন মুকলি কৰে দৌলাশালৰ জ্যেষ্ঠ নাগৰিক হৰিদাস বৈশ্যই । লোকে লোকাৰণ্য হৈ পৰা সভা মহোৎসৱৰ মুখ্যদ্বাৰ উদঘাটন কৰে বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাই । মুখ্যদ্বাৰ মুকলিৰ পিছতে গাঁৱৰ আঠটা পাৰাৰ পৰা বিগ্ৰহ আনি শ্ৰীশ্ৰী কানাই ব'লাই মহাপ্ৰভুৰ মূল মন্দিৰত স্থাপন কৰে । মুখ্যদ্বাৰ মুকলি কৰি বিধায়কগৰাকীয়ে কয় যে অসমীয়া সংস্কৃতি যদি জীয়াই ৰাখিব লগা হয়, আধ্যাত্মিক ভাবে যদি আমি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব লগা হয় তেনেহলে ধৰ্মীয় অনুষ্ঠান সমূহ আমি ভালদৰে তৈয়াৰ কৰি ল'ব লাগিব । আতচবাজী প্ৰদৰ্শন উদ্বোধন কৰে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে । নিশা অনুষ্ঠিত নৃত্য প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৩২ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে ।
কাৰ্যসূচী অনুসৰি কাইলৈ পৰম্পৰাগত অনুষ্ঠানৰ লগতে পুৱা দহ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা । ১৮ ফেব্ৰুৱাৰীত বয়োজ্যেষ্ঠ নাগৰিকৰে অন্তৰংগ আলাপৰ লগতে দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা , স্মৃতিগ্ৰন্থ উন্মোচন আৰু দিব্যাংগ শিল্পীৰ দ্বাৰা গীত পৰিৱেশন । সভা মহোৎসৱৰ অন্তিমদিনা অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ধৰ্মসভাত উপস্থিত থাকিব গান্ধীবাদী বিচাৰক হেমভাই আৰু কেইবাগৰাকী বিশিষ্ট লোক । সন্ধিয়া ৰুমী বেজবৰুৱাৰ নাগৰা নাম আৰু নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং আৰু কৰৱী কাশ্যপে । প্ৰতিটো কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহায়- সহযোগিতা কামনা কৰিছে উন্নতি সাধিনী সভাই ।
- Log in to post comments
- 5 views