বঙাইগাঁৱত এআইইউডিএফৰ সৰ্মথনত অগপৰ জিলা পৰিষদ গঠন

বঙাইগাঁৱত এআইইউডিএফৰ সৰ্মথনত অগপৰ জিলা পৰিষদ গঠন

অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই আজি অসম গণ পৰিষদ দলে পূৰ্বৰ মিত্ৰদল এ আই ইউ ডি এফৰ সমৰ্থনত বঙাইগাঁও জিলা পৰিষদ গঠন কৰে ৷ জিলা পৰিষদৰ সভাপতি হিচাপে অগপ দলৰ প্ৰাৰ্থী বিজয় কুমাৰ সিংহ আৰু উপ সভাপতি হিচাপে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মনিয়াৰা খাটুন নিৰ্বাচিত হয় ৷ উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত  হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বঙাইগাঁও জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা আৰু শপত গ্ৰহণ অনুষ্ঠান আজি বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷

এই প্ৰথম সভাত সভাপতিত্ব কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে। সভাত নৱ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণো অনুষ্ঠিত হয় । আনহাতে এই সভাতে বঙাইগাঁও জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি জিলা পৰিষদো গঠন কৰা হয় ৷ এই শপত গ্ৰহণ অনুষ্ঠানত জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী ,জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল , উত্তৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰছ দলৰ বিধায়ক আব্দুল হাই নাগৰি, দক্ষিণ অভয়াপুৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক অনন্ত কুমাৰ মালো, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ আদি উপস্থিত থাকে ৷

বঙাইগাঁৱত এআইইউডিএফৰ সৰ্মথনত অগপৰ জিলা পৰিষদ গঠন

ইপিনে ১২ খন আসন বিশিষ্ট বঙাইগাঁও জিলা পৰিষদ গঠন কৰিবলৈ হ'লে মেজিক সংখ্যা ৭ ৰ প্ৰয়োজন যদিও পঞ্চায়ত নিৰ্বাচনত কোনো এটা দলেই উক্ত সংখ্যা লাভ কৰা নাছিল ৷ অগপই ৫ খন, কংগ্ৰেছে ৩ খন, বিজেপিয়ে ২ খন আৰু এ আই ইউ ডি এফে ২ খন আসন লাভ কৰিছে ৷ ফলত কোনো এটা দলে এককভাৱে জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে ৷ তাৰোপৰি সমিল মিলৰ মাজেৰে সভাপতি - উপ সভাপতি নিৰ্বাচিত নোহোৱাৰ লগতে সভাপতি আৰু উপ সভাপতি পদৰ বাবে দুগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত ভোট দান অনুষ্ঠিত হয় ৷ সভাপতি পদৰ বাবে অগপ দলৰ হৈ বঙাইগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিজয় কুমাৰ সিংহ আৰু কংগ্ৰেছ দলৰ পৰা জপেয়া- নাম্বাৰপাৰা জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা খাইৰুল ইছলামে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷

আনহাতে উপ সভাপতি পদৰ বাবে এ আই ইউ ডি এফ দলৰ টাপাট্টাৰী জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মনিয়াৰা খাতুন আৰু দক্ষিণ বিজনী জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা আব্দুল মতিনে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷ ভোট দানত সভাপতি পদৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিজয় কুমাৰ সিংহ আৰু উপ সভাপতি পদৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মনিয়াৰা খাটুনে ৮ টাকৈ ভোট লাভ কৰি নিৰ্বাচিত হয় ৷ আনহাতে কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী  খাইৰুল ইছলাম আৰু  উপ সভাপতি পদৰ প্ৰাৰ্থী আব্দুল মতিনে ৩ টাকৈ ভোট লাভ কৰে ৷ অগপ আৰু এ আই ইউ ডি এফ মিলি ৭ টা ভোটহে হয় যদিও অগপ আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী দুগৰাকীয়ে ৮ টাকৈ ভোট লাভ কৰাত এটা ভোট কোনে দিলে তাকেলৈ সৰ্বত্ৰে চৰ্চা চলিছে ৷ আনকি বিজেপি দলৰ উত্তৰ শালমাৰা জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে অগপ - এ আই ইউ ডি এফৰ প্ৰাৰ্থী দুগৰাকীৰ সপক্ষে ভোটদান কৰা বুলিও সৰ্বত্ৰে প্ৰচাৰ চলিছে  আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়েও অভিযোগ কৰিছে ৷ অৱশ্যে বিজেপি দলৰ জিলা সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়ে বিজেপি  দলৰ সদস্যই সমৰ্থন কৰাৰ কথা অস্বীকাৰ কৰে  ৷

কিন্তু কংগ্ৰেছ দলৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা খাইৰুল ইছলামে জানিব দিয়া মতে তেওঁ কংগ্ৰেছ দলৰ তিনিওটা ভোটেই লাভ কৰিছে ৷ এনে ক্ষেত্ৰত বিজেপিয়ে মুখলজ্বাৰ বাবে বিষয়টো প্ৰকাশ কৰাৰ পৰা বিৰত থকা বুলি ভৱাৰ থল আছে ৷ জানিব পৰা মতে বিজেপি দলৰ সদস্য দুগৰাকীয়ে প্ৰথম অৱস্থাত ভোটদান প্ৰক্ৰিয়াত অংশ গ্ৰহণ নকৰে বুলি সভাকক্ষৰ পৰা ওলাই আহে যদিও পিচত পুনৰ অংশ লয় ৷ ইপিনে নৱ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি বিজয় সিংহই সংবাদ মাধ্যমৰ আগত কয় যে আজি আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল আৰু এতিয়া বাকী কাম - কাজৰ কথা চিন্তা কৰিব লাগিব ৷তেওঁ লগতে কয় যে সকলো বুজা মেলা হৈছে আৰু ভোট দানত ৮ টা ভোট পাই তেওঁ নিৰ্বাচিত হৈছে ৷

বঙাইগাঁৱত এআইইউডিএফৰ সৰ্মথনত অগপৰ জিলা পৰিষদ গঠন

এটা ভোট নাকচ হৈছে আৰু তেৱঁৰ প্ৰতিদ্বন্দিগৰাকীয়ে তিনিটা ভোট পাইছে বুলি কয় ৷ সেইদৰে অগপৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে কয় যে বঙাইগাঁৱৰ জনসাধাৰণে উপযুক্তাতাৰ ভিত্তিত  আমাৰ দলৰ প্ৰাৰ্থীগৰাকীক বাচনি কৰিছে ৷ মই আশা কৰিছো জনসাধাৰণে আমাক সহযোগ কৰিব আৰু আমি জিলাখনৰ উন্নয়নমূলক কামকাজৰ ক্ষেত্ৰত এইখন জিলা পৰিষদ সমিতিয়ে আগ ভাগ ল'ব ৷ আনহাতে মনিয়াৰা খাটুনে উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈ ভাল লগা বুলি কয় ৷ লগতে ৰাইজৰ কাম কৰি যাব বুলিও কয় ৷ আনহাতে অগপ - এ আই ইউ ডি এফ মিলি জিলা পৰিষদ গঠন হোৱাত ভাল লগা বুলি কয় দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক অনন্ত মালোই ৷

বিধায়কগৰাকীয়ে কয় যে জিলা পৰিষদৰ বিগত কাৰ্যকালতো অগপৰ লগতেই আমাৰ দলৰ মিত্ৰতা হৈছিল আৰু জিলা পৰিষদ গঠন হৈছিল ৷ গতিকে সেই পৰম্পৰাটোকে এইবাৰো আমি ৰক্ষা কৰিছো ৷ আনহতে কাম কাজ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে কয় যে জিলা পৰিষদৰ ১২ জন সদস্য ৷ সভাপতি এজন হ'ব আৰু উপ সভাপতিও এজনেই হ'ব ৷ সেয়ে সকলোৱে মিলি জুলি নিজ নিজ সমষ্টিৰ সমস্যাসমূহ সমাধান কৰিব লাগিব ৷

এই ক্ষেত্ৰত কোনো বৈষম্য থাকিব নালাগে আৰু প্ৰতিজনে বঙাইগাঁও জিলাখনক কেনেকৈ আগুৱাই নিব পাৰে তাৰ প্ৰতি সকলোৰে লক্ষ্য আৰু উদ্দেশ্যে থাকিব লাগে বুলিও কয় ৷ উল্লেখ্য যে বিগত কাৰ্যকালত অগপ দলে এ আই ইউ ডি এফ আৰু চি পি আই (এম) দলৰ সমৰ্থনত বঙাইগাঁও জিলা পৰিষদ গঠন কৰিছিল ৷ এইবাৰো অগপই পুৰণি মিত্ৰ দল এ আই ইউ ডি এফেৰে বৰ্তাই ৰাখিলে মিত্ৰতা ৷ অগপই জিলা পৰিষদ গঠনৰ পিচতে দলৰ কৰ্মীসকলৰ মাজত আনন্দ-উল্লাস পৰিলক্ষিত হয়৷
 

Your Comments