মাজত মাথোঁ কেইটামান দিন বাকী। আহি পালে আলি আয়ে লৃগাং। ফাগুণ মাহৰ প্ৰথমটো বুধবাৰত উদ্যাপন কৰা হ'ব আলি আয়ে লৃগাং। সেয়ে এতিয়া গাত ত'ত নাই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাজগাঁও দীঘলীয়াৰ মিচিং জনগোষ্ঠীৰ জীয়াৰী-বোৱাৰীসকলৰ৷ ব্যতিক্ৰম নহয় পুৰুষসকলো।
গাঁওবাসীয়ে এইবাৰো দুদিনীয়াকৈ দীঘলীয়া জনজাতি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত উলহ-মালহেৰে উদ্যাপন কৰিব ৪১সংখ্যক আলি আয়ে লৃগাং। ইয়াকে লৈ গাঁওবাসীয়ে চলাইছে ব্যাপক প্ৰস্তুতি। পৰম্পৰাগত আপং প্ৰস্তুত কৰাত ব্যস্ত গাঁৱৰ জীয়াৰী-বোৱাৰী। সমান্তৰালকৈ চলিছে গোমৰাগ নৃত্যৰ আখৰা।
আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি প্ৰস্তুত কৰিছে মহিলাসকলে। মুঠৰ ওপৰত গাঁওখনৰ চৌদিশে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ।
- Log in to post comments
- 26 views