সাহস আৰু ধৈৰ্যৰ লগতে একোটা উৎসাহী মন থাকিলে বৃহৎ পৰিমাণৰ মূলধন নহলেও যে আৰ্থিকভাৱে সচ্ছল হ'ব পাৰি তাকেই প্ৰমাণ কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বছৰি দোৰপাঙৰ বানে ধোৱা পিছলাপাৰৰ দেউৰী জনগোষ্ঠীৰ মহিলাসকলে৷ গাঁওখনৰ ১০গৰাকী মহিলা একগোট হৈ পিছলা আত্মসহায়ক নামেৰে এটি গোট গঠন কৰি তাঁতশাল আৰু গাহৰি পালনেৰে বছৰি ২-৩ লাখ টকা উপাৰ্জন কৰি আৰ্থিকভাৱে সচ্ছল হোৱাই নহয়, বহু নিৱনুৱা যুৱক-যুৱতীৰ বাবে এতিয়া তেওঁলোক হৈ পৰিছে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিৰ্দশন৷
আত্মসহায়ক গোটটোৰ মহিলাসকলে তাঁতশালত বৈ উলিওৱা অসমীয়াৰ স্বাভিমান গামোচা, চাদৰ-মেখেলা, দেউৰী জনগোষ্ঠীৰ সাজপাৰে বৰ্তমান নাৰায়ণপুৰৰ লগতে বিভিন্ন অঞ্চলৰ বজাৰত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে গাহৰি পালনেৰেও বছৰি ২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি নাৰী সবলীকৰণৰ এক নিদৰ্শন দাঙি ধৰিছে৷ উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই সভাই-সমিতিয়ে আত্মসহায়ক গোটসমূহৰ বাবে বিজেপি চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়াই আহিছে বুলি কৈ আহিছে যদিও পিছলা আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰৰ ফালৰ পৰা ফুটাকড়ি এটাও পাবলৈ সক্ষম হোৱা নাই৷ সেয়েহে মহিলাসকলে চৰকাৰৰ সাহায্যলৈ অপেক্ষা নকৰি নিজেই মূলধন সংগ্ৰহ কৰি তাঁতশাল আৰু গাহৰি পালনৰ জৰিয়তেও যে স্বাৱলম্বী হ'ব পাৰি তাক কথাৰে নহয় কামেৰে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে৷
- Log in to post comments
- 9 views