ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ ভাৰতীয় দল নিৰ্বাচনৰ বাবে নিৰ্বাচক সমিতিয়ে ৰণকৌশল প্ৰস্তুত কৰিছে৷ শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচন সমিতিৰ অধ্যক্ষ এম এছ কে প্ৰসাদে এই কথা ঘোষণা কৰিছে৷ প্ৰসাদে কয় যে আগন্তুক বিশ্বকাপৰ বাবে ১৮জন খেলুৱৈ বাছনি কৰা হৈছে। এই খেলুৱৈ কেইজনৰ প্ৰদৰ্শনৰ ভিত্তিত চূড়ান্ত দল নিৰ্বাচন কৰা হ'ব৷ উল্লেখ্য যে অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা৷ ২খন টি-২০ আৰু ৫খন এদিনীয়াত অংশগ্ৰহণ কৰিবলগা টীম ইণ্ডিয়াৰ খেলুৱৈসকলক সলনা-সলনি কৰি খেলত অংশগ্ৰহণৰ সুযোগ দিয়া হ'ব৷
ইয়াৰ পিছত ভাৰতীয় খেলুৱৈসকল ২৩ মাৰ্চৰ পৰা ব্যস্ত হৈ পৰিব আইপিএলত। গতিকে এই সময়ছোৱাত ভাৰতীয় খেলুৱৈসকল যথেষ্ট সতেজ হৈ থাকিব বুলি আশা প্ৰকাশ কৰিছে নিৰ্বাচক সমিতিয়ে৷ আইপিএলৰ পিছতে ৩০ মে'ৰ পৰা ১৪ জুলাইলৈ ইংলেণ্ডত অনুষ্ঠিত হ'ব বিশ্বকাপ। গতিকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু আইপিএলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বিশ্বকাপৰ বাবে দলটো চূড়ান্ত কৰা হ'ব৷ বৰ্তমান টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ ফিটনেচৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিছে প্ৰশিক্ষকসকলে।
- Log in to post comments
- 118 views