হিমা দাস আৰু মেৰী কম ভাৰতীয় ক্ৰীড়া সন্মান, ২০১৯ৰ বাবে মনোনীত

হিমা দাস আৰি মেৰী কম ভাৰতীয় ক্ৰীড়া সন্মান ২০১৯ৰ বাবে মনোনীত

আজি মুম্বাইত ভাৰতীয় ক্ৰীড়া সন্মানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'ব৷ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ব্যৱসায়ী সঞ্জীৱ গোৱেংকাৰ উদ্যোগত বিগত বৰ্ষৰ পৰা আৰম্ভ হৈছে এই ভাৰতীয় ক্ৰীড়া সন্মান প্ৰদানৰ অনুষ্ঠান৷ দেশৰ বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতা, প্ৰদৰ্শন আৰু অৱদানৰ বাবে ক্ৰীড়াবিদসকললৈ এই সন্মান প্ৰদান কৰা হয়৷

হিমা দাস আৰি মেৰী কম ভাৰতীয় ক্ৰীড়া সন্মান ২০১৯ৰ বাবে মনোনীত

এইবছৰ মেৰী কম আৰু হিমা দাস "স্পৰ্টছ উইমেন অব্‌ দ্য ইয়েৰ (ব্যক্তিগত)" শাখাৰ বাবে মনোনীত হৈছে৷ উল্লেখ্য যে মুঠ ১৭টা বিভাগৰ ১১টাৰ বাবে মনোনীত ক্ৰীড়াবিদৰ নাম শুকুৰবাৰে ঘোষণা কৰা হয়৷ আনহাতে, বাকী ছয়টা বিভাগৰ বাবে মনোনীত ক্ৰীড়াবিদৰ নাম পূৰ্বতে ঘোষণা কৰা হৈছিল৷

Your Comments