উদ্ভাৱনীমূলক চিন্তাৰে দুখনকৈ ব্যতিক্ৰমী চাইকেল নিৰ্মাণ অম্লানজ্যোতিৰ

উদ্ভাৱনীমূলক চিন্তাৰে দুখনকৈ ব্যতিক্ৰমী চাইকেল নিৰ্মাণ অম্লানজ্যোতিৰ

বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ মাজতে ঘৰৰ অব্যৱহৃত বাইচাইকেলৰ এপদ-দুপদ বস্তু ব্যৱহাৰ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱপুৰৰ পদ্ম ভূঞাৰ পুত্র অম্লানজ্যোতি ভূঞাই নিৰ্মাণ কৰি উলিয়াইছে এখন চাইকেল৷ ডাব’ল কেৰেঙৰ এই চাইকেল নিৰ্মাণেৰে এতিয়া তেওঁ নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

মাধৱদেৱ মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাষিকৰ ছাত্র অম্লানজ্যোতিয়ে জনোৱা মতে, শৈশৱতে চাৰ্কাছত এটা চকাৰ ওপৰত উঠি দেখুওৱা খেলা চাই অভিভূত হৈ পৰে৷ তেতিয়াৰে পৰা এই চাইকেলখন নিৰ্মাণৰ বাবে হাতে-কামে লাগি যায়৷ প্ৰথমখন চেইনবিহীন চাইকেল নিৰ্মাণ কৰি বিশ্বৰ আজৱ খবৰত স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ পাছত সপ্তাহজোৰা প্ৰচেষ্টাৰ অন্তত ডাব’ল কেৰেঙৰ চাইকেলখন নিৰ্মাণ কৰি ছ’চিয়েল মিডিয়াত খুব জনপ্ৰিয় হৈ পৰে৷

ডাব’ল কেৰেঙৰ চাইকেলখন ইমানেই ব্যতিক্ৰমী যে চাইকেলৰ পেডেল যেনিয়েই ঘূৰোৱা হয় মাথোঁ চাইকেলখন আগলৈহে যায়। বৰ্তমান সময়ত বজাৰত উপলব্ধ একো একোখন চাইকেলৰ ন্যূনতম মূল্য প্ৰায় পাঁচ হাজাৰ টকা৷ কিন্তু ডাব’ল কেৰেঙৰ চাইকেলখন বজাৰমুখী কৰিব পাৰিলে প্ৰায় চাৰি হাজাৰ টকাৰ ভিতৰতে উপলব্ধ কৰাব পৰা যাব বুলি অম্লানেজোতিয়ে জানিবলৈ দিয়ে।

ফ্ৰিবুল ব্যৱহাৰ কৰি এবিধ বিশেষ ধৰণৰ পাট্টি প্ৰস্তুত কৰি কেৱল পিছ চকাতে পেডেল লগাই চাইকেলৰ গতি দিবলৈ সক্ষম হোৱা ছাত্রজনৰ আশাশুধীয়া প্ৰচেষ্টাক সকলোৱে শলাগ লয়৷ কেৱল এজন লোকৰ বাবে সুবিধাজনক চাইকেলখনৰ মডেল দেখি বহু লোক আকৃষ্ট হোৱাৰ লগতে আশ্চৰ্য প্ৰকাশ কৰে।

Your Comments