নগাঁৱৰ ঘাঁহীত প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক : থানাত আত্মসমৰ্পণ প্ৰেমিকৰ

নগাঁৱৰ১ঘাঁহীত১প্ৰেমিকে১হত্যা১কৰিলে১প্ৰেমিকাক১ো১থানাত১আত্মসমৰ্পণ১প্ৰেমিকৰ

নগাঁও জিলাৰ ঘাঁহী মাজগাঁৱত বৃহস্পতিবাৰে এজন প্ৰেমিকৰ হাতত এগৰাকী প্ৰেমিকাই প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই দুৰ্ভগীয়া যুৱতীগৰাকীৰ নাম সোণমণি দাস (১৯)। জানিব পৰা মতে, সোণমনি দাসৰ প্ৰেমিক আশিসজ্যোতি দাসে বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উঠিছে। এই হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি সমগ্ৰ ঘাঁহী অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ঘাঁহী মাজগাঁৱৰ নিৱনুৱা যুৱক আশিসজ্যোতি দাসৰ সৈতে একেখন গাঁৱৰে সোণমণি দাসৰ প্ৰেমৰ সম্পৰ্ক আছিল।

নগাঁৱৰ খাগৰিজান কলেজৰ স্নাতক (ক'লা) দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী সোণমণিৰ আশিসৰে থকা প্ৰেমৰ সম্পৰ্ক আৰু ঘনিষ্ঠতাৰ বাবেই দুয়োৰে অভিভাৱকৰ সন্মতি সাপেক্ষে তেওঁলোকৰ বিয়াও ঠিক কৰা হৈছিল। আনদিনাৰ নিচিনাকৈ বৃহস্পতিবাৰেও আশিস পুৱাবেলা প্ৰেমিকা সোণমণিৰ ঘৰলৈ আহে। সেই সময়ত তেওঁলোকৰ ঘৰত সোণমণি অকলে আছিল। আশিসে সোণমণিক এটা কোঠাত সুমুৱাই লৈ ডিঙি চেপি হত্যা কৰে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। কিন্ত ছাত্ৰীগৰাকীক হত্যা কৰি সেই হত্যাকাণ্ডটোক এক অস্বাভাৱিক মৃত্যুৰ ঘটনা সজাবলৈ চেষ্টা কৰে আশিসে।

নগাঁৱৰ১ঘাঁহীত১প্ৰেমিকে১হত্যা১কৰিলে১প্ৰেমিকাক১ো১থানাত১আত্মসমৰ্পণ১প্ৰেমিকৰ

স্থানীয় লোকে যুৱতীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ বুলি লৈ যোৱাৰ প্ৰস্তুতি চলাওঁতে প্ৰেমিক যুৱকজন কৌশলেৰে পলায়ন কৰে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ আনে যদিও পলম হোৱা হেতুকে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা নহ'ল। আজি পুৱাবেলাহে চিকিৎসালয়ত ছাত্ৰীগৰাকীৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হয়। ইপিনে, নগাঁৱৰ খাগৰিজান কলেজত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ মৃতদেহটো আজি দুপৰীয়া চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ পিছতেই গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অঞ্চলটোৰ মহিলা সমিতিৰ সদস্যাসকলৰ লগতে স্হানীয় একাংশ লোকে ছাত্ৰীগৰাকীৰ মৃতদেহটো লৈ এক প্ৰতিবাদী সমদল উলিয়াই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই পৰিৱেশ উত্তাল কৰি তোলে। উত্তেজিত ৰাইজে ছাত্ৰীগৰাকীৰ মৃতদেহটো আশিসৰ ঘৰৰ চোতালতে সৎকাৰ কৰে। ৰাইজৰ উগ্ৰমূৰ্তি দেখি সেই সময়ত সেই স্হানত উপস্থিত থকা ৰহা আৰক্ষী থানাৰ আৰক্ষীয়েও ৰাইজক বাধা প্ৰদান কৰিবলৈ সাহস নকৰিলে। ঘটনা সন্দৰ্ভত ৰহা আৰক্ষীয়ে ২৭/২০১৯ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখিছে। ইপিনে, ঘটনাটো সংঘটিত কৰাৰ পিছতেই পলায়ন কৰা প্ৰেমিক আশিসজ্যোতি দাসে আজি বিয়লি ৰহা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

Your Comments