উত্তৰ-পূবৰ জনগণৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰি আহিছে হিমন্ত বিশ্বই : দেৱব্ৰত শইকীয়া

উত্তৰ-পূবৰ জনগণৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰি আহিছে হিমন্ত বিশ্বই : দেৱব্ৰত শইকীয়া

অসমৰ বিত্ত, স্বাস্থ্য আদি দপ্তৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল কেন্দ্ৰত ক্ষমতাত থাকিলে জাতিধ্বংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰি সাংসদত গৃহীত কৰাব বুলি কৰা মন্তব্যক তীব্ৰ গৰিহণা দিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ ডঃ শৰ্মাই অসম তথা উত্তৰ-পূবৰ জনগণৰ আৱেগ-অনুভূতিক অহৰহ ভৰিৰে মোহাৰিবলৈ প্ৰচেষ্টা কৰি আছে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দেৱব্ৰত শইকীয়াই এই অভিযোগ কৰে৷ বিৰোধী দলপতিগৰাকীয়ে দৃঢ়তাৰে কয় যে অনাগত দিনত অসম আৰু উত্তৰ-পূবৰ ৰাইজৰ সহায়ত কংগ্ৰেছ দলে অসম তথা উত্তৰ-পূবৰ শত্ৰু বিজেপি দলক পৰাস্ত কৰিবলৈ সক্ষম হ'ব৷

উত্তৰ-পূবৰ জনগণৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰি আহিছে হিমন্ত বিশ্বই : দেৱব্ৰত শইকীয়া

বিজেপি দলত যোগদান কৰাৰ পিছত ডঃ শৰ্মাই কথাই কথাই কংগ্ৰেছ দলক দোষাৰোপ কৰাৰ সন্দৰ্ভত শইকীয়াই কয় যে কংগ্ৰছত থকা সময়ত ডঃ শৰ্মা এজন প্ৰভাৱশালী মন্ত্ৰী তথা নেতা আছিল৷ কিন্তু তেতিয়া ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণত মনোনিবেশ কৰাৰ বাহিৰে ডঃ শৰ্মাই অসমৰ কোনো গুৰুত্বপূৰ্ণ সমস্যাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা  পালন নকৰিলে৷ এতিয়া নিকৃষ্ট সাম্প্ৰদায়িক ৰাজনীতিত লুতুৰি-পুতুৰি হোৱা ডঃ শৰ্মাৰ দৰে কিছু লোকৰ কু-কৃতিত্বৰ বাবেহে বিগত সময়ত কংগ্ৰেছ দলৰ ভাবমূৰ্তি অসমৰ ৰাইজৰ চকুত ম্লান পৰিছিল বুলি শইকীয়াই মন্তব্য কৰে৷
 

Your Comments