কেন্দ্ৰ-ৰাজ্য চৰকাৰে মিলি ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহ ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে : এছএফআই

কেন্দ্ৰ-ৰাজ্য চৰকাৰে মিলি ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহ ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে : এছএফআই

কেন্দ্ৰ আৰু ৰাজ্য বিজেপি চৰকাৰে মিলি ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহক ৰঙা দলিছা পাৰি দিছে। এই গুৰুতৰ অভিযোগ ভাৰতৰ ছাত্ৰ-ফেডাৰেচন (এছএফআই)ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কাশ্যপ চৌধুৰীৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত এছ এফ আইৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নিৰংকুশ নাথে বিজেপি চৰকাৰৰ শিক্ষা ব্যৱস্থা উন্নয়নৰ এক ফোঁপোলা স্বৰূপ দাঙি ধৰে। তেওঁ কয় যে বিজেপি চৰকাৰে সততে শিক্ষা ব্যৱস্থা উন্নয়নৰ কথা কৈ থাকে। কিন্তু আমি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে চৰকাৰৰ উন্নয়নৰ তথ্য বিচাৰি অসমৰ কেইখনমান বিশ্ববিদ্যালয়ৰ আৰু অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ তথ্য বিচাৰিছিলোঁ। উক্ত তথ্যসমূহত চৰকাৰ উন্নয়নৰ বিপৰীতে প্ৰকাশ পাইছে অসমৰ শিক্ষা প্ৰতিষ্ঠানৰ এক কৰুণ প্ৰতিচ্ছবি। 

সেই অনুযায়ী তেওঁ সংবাদমেলত কয় যে অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাহিৰে অসমত নতুনকৈ প্ৰতিষ্ঠা হোৱা এখনো ৰাজ্যিক বিশ্ববিদ্যালয় "নাক"(NAAC)ৰ দ্বাৰা স্বীকৃত নহয়। আনহে নালাগে নতুনকৈ প্ৰতিষ্ঠা কৰা এই বিশ্ববিদ্যালয়সমূহ ইউনিভাৰছিটী গ্ৰাণ্ট কমিছনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১২বি-ৰো অনুমোদন নাই। তেওঁ কয় যে চৰকাৰে বিশ্ববিদ্যালয়সমূহ ঢাক-ঢোল বজাই প্ৰতিষ্ঠা কৰিছে ঠিকেই, কিন্তু এই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহত চৰকাৰে আজিলৈকে নিযুক্তি দিয়া নাই পৰ্যাপ্ত স্থায়ী শিক্ষক। যাৰফলত বিশ্ববিদ্যালয়সমূহত ইউজিচিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১২বি অনুমোদন নাই। ফলত এই বিশ্ববিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। ইয়াৰ উপৰি তেওঁ কয় যে বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু যুজঁ কৰি কৰি আমি ৰক্ষা কৰিছিলোঁ যোৰহাট মহিলা বিশ্ববিদ্যালয়। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, মহিলা বিশ্ববিদ্যালয়খন ৰক্ষা কৰাৰ পাছতো আজিলৈ বিশ্ববিদ্যালয়খনত এজন স্থায়ী অধ্যক্ষ চৰকাৰে নিযুক্তি দিব নোৱাৰিলে বুলি তেওঁ উল্লেখ কৰে। তেওঁ সংবাদমেলতে স্পষ্ট কৰি কয় যে এখন বিশ্ববিদ্যালয়ৰ যদি ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত ১২বি অনুমোদন নাথাকে তেন্তে সেই বিশ্ববিদ্যালয়খনে কেতিয়াও কোনো ধৰণৰ আৰ্থিক অনুদান নাপায়।

 ইফালে এই সংবাদমেলতে আৰটিআইৰ তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁ কয় যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চাৰিটা বিভাগৰ বাহিৰে সমগ্ৰ অসমৰ আটাইকেইখন অভিযান্ত্ৰিক মহাবিদ্যালয় তথা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ এটা বিভাগো "এনবিএ"(NBA)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নহয়। তেওঁ কয় যে এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান "এনবিএ"ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'বলৈ এটা বিভাগত ছাত্ৰ-শিক্ষকৰ অনুপাত ২০:১ হ'ব লাগে। কিন্তু অসমৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত এই অনুপাতে শিক্ষক নাই। আনকি তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয় যে দুটা বছৰৰ আগতে আৰম্ভ হোৱা বৰাক উপত্যকাৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কেইদিনমানৰ পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত এআইচিটিই(AICTE)ৰ স্বীকৃতিয়েই নাই। কাৰণ অভিযান্ত্ৰিক প্ৰতিষ্ঠান দুখনত এজনো স্থায়ী শিক্ষক নাই। 

আনহাতে, এই সংবাদমেলতে সংগঠনটোৱে আৰ টি আইৰ তথ্য ভিত্তিত কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৩৭টা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২২টা, যোৰহাট অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ত ৪৬টা, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৩৭টা, কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত ৪৭টাকৈ শিক্ষকৰ পদ আজিও খালি হৈ আছে বুলি উল্লেখ কৰে। 
ইয়াৰ উপৰি সংগঠনটোৱে কয় যে কেৱল শিক্ষানুষ্ঠানসমূহত যে শিক্ষকৰ পদে খালি আছে তেনে নহয়। আৰ টি আইৰ তথ্য অনুযায়ী বড়োলেণ্ড বিশ্ববিদ্যালয়ত ১১জন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৪৪জন, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৩৭টাকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদো খালি হৈ আছে বুলি জানিবলৈ দিয়ে। লগতে তেওঁলোকে তাৎপৰ্যপূৰ্ণভাৱে কয় যে চৰকাৰে ইচ্ছা কৰিয়েই এই খালি পদসমূহ পূৰণ কৰাৰ বাবে ব্যৱস্থা কৰা নাই। 

ইয়াৰ উপৰি ছেৱা সংস্কাৰসাধনৰ বাবে শ্ৰীনাথ কমিটী আৰু দিলীপ বৰুৱা কমিটীৰ পৰামর্শসমূহ গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায়। নহ'লে ছেবা কেতিয়াও ত্ৰুটিমুক্ত হ'ব নোৱাৰে বুলিও ছাত্ৰ সংগঠনটোৱে দাবী জনায়। ইফালে এই সংবাদমেলৰ জৰিয়তে ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়ে যে শিক্ষা-গণতন্ত্ৰ-দেশ ৰক্ষাৰ আহ্বানেৰে ১৮ ফেব্ৰুৱাৰীত এছ অফ আইৰ উদ্যোগত দিল্লীৰ সংসদ ভৱনৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব৷ উক্ত কাৰ্যসূচীত অসম ৰাজ্যিক কমিটীৰ ১৫০জন সদস্যই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Your Comments