১৮-২০ ফেব্ৰুৱাৰীলৈ দেশজুৰি বিএছএনএল কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি ঘোষণা

২০ ফেব্ৰুৱাৰীত দেশজুৰি বিএছএনএল কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি ঘোষণা

ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্ৰতি মোডী চৰকাৰৰ নাই সদিচ্ছা। এই গুৰুত্বপূৰ্ণ মন্তব্য অল ইউনিয়ন এণ্ড এছ'চিয়েচন অব্‌ বিএছএনএল সন্থাৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক বিশেষ সংবাদমেল সম্বোধন কৰি স্বৰূপ চক্ৰৱৰ্তীয়ে কয় যে সমগ্ৰ দেশত এতিয়া ৪জি মোবাইল নেটৱৰ্ক ব্যৱস্থা আৰম্ভ হ'ল৷ কিন্তু ভাৰত চৰকাৰৰ অধীনৰ টেলিকম সেৱা প্ৰদানকাৰী বিএছএনএলত আজি পৰ্যন্ত সংযোজন নহ'ল ৪জি সেৱা। তাৰফলত চৰকাৰৰ অধীনৰ টেলিকম সেৱা প্ৰতিষ্ঠানটোৰ প্ৰতি অনীহা আৰম্ভ হৈছে গ্ৰাহকসকলৰ মাজত। ইয়াৰ উপৰি এই সংবাদমেলতে বিএছএনএলৰ কৰ্মচাৰী সন্থাৰ বিজয় ডেকাই কয় যে বিএছএনএলৰ কৰ্মচাৰীসকলে পাবলগা দীৰ্ঘদিনীয়া দাবী তৃতীয় দৰমহা গাঁথনি আজি পৰ্যন্ত পোৱা নাই কৰ্মচাৰীসকলে।

ইয়াৰ উপৰি কৰ্মচাৰীসকলৰ পেঞ্চন ৰিভাইবেছ ব্যৱস্থা আজিও সমাধান নহ'ল। তাৰ প্ৰতিবাদত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ সমগ্ৰ ভাৰতবৰ্ষত বিএছএনএলৰ কৰ্মচাৰীসকলে পালন কৰিব কৰ্মবিৰতি কাৰ্যসূচী। সমগ্ৰ ভাৰতবৰ্ষত পালন কৰিবলগা এই কৰ্মবিৰতিৰ ফলত সমগ্ৰ দেশতে বন্ধ থাকিব বিএছএনএলৰ সমূহ মাণ্ডলিক কার্যালয়। অৱশ্যে গ্ৰাহকৰ সুবিধাৰ বাবে এই কৰ্মবিৰতিৰ সময়ছোৱাত বিএছএনএলৰ সেৱাসমূহ অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে সন্থাটোৱে।

Your Comments