কাশ্মীৰৰ ঘটনাৰ প্ৰতিবাদত আমবাৰীত গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ পাকিস্তানৰ পতাকা দাহ

কাশ্মীৰৰ ঘটনাৰ প্ৰতিবাদত আমবাৰীত গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ পাকিস্তানৰ পতাকা দাহ

পাক সমৰ্থিত সন্ত্ৰাসবাদী জঈছ-ই-মহম্মদে বৃহস্পতিবাৰে কাশ্মীৰত ভাৰতীয় চিআৰপিঅফৰ দলৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদ জনাই আজি গুৱাহাটী মহানগৰীৰ আমবাৰীত দাহ কৰা হয় পাকিস্তানৰ পতাকা। আমবাৰী বুঢ়া মছজিদৰ সন্মুখত সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে দাহ কৰে পাকিস্তানৰ পতাকা। লগতে সংগঠনটোৱে পাকিস্তান হায় হায়, জঈছ-ই-মহম্মদ মুর্দাবাদ, পাকিস্তানী সন্ত্ৰাসবাদী নিপাত যাওক আদি পাকিস্তানবিৰোধী ধ্বনিত উত্তাল কৰি তোলে মছজিদৰ সন্মুখ।

উক্ত প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক মইনুল হকে কয় যে পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাত পাকিস্তানী সন্ত্ৰাসবাদীবোৰে বাৰে বাৰে ভাৰতবৰ্ষ সাৰ্বভৌমত্বত আঘাত কৰিছে। পাকিস্তান চৰকাৰৰ লগত শান্তি আলোচনা কৰাৰ এতিয়া কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে পাকিস্তানৰ লগত থকা সকলো সম্পৰ্ক এতিয়া ছেদ কৰিব লাগে৷
 

Your Comments