২০১৯ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা শান্তনু নন্দন শৰ্মালৈ

২০১৯ বৰ্ষৰ পৰাগ কুমাৰ সাংবাদিকতা বঁটা শান্তনু নন্দন শৰ্মালৈ

প্ৰতিবর্ষৰ দৰে এইবাৰো নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিৰক্ষা সমিতিয়ে প্ৰদান কৰিব পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। অহা ২৪ ফেব্ৰুৱাৰীত নিৰ্ভীক সাংবাদিকজনৰ ওপজা দিনৰ লগত সংগতি ৰাখি স্মৃতিৰক্ষা সমিতিয়ে প্ৰদান কৰিব ২০১৯ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। উল্লেখ্য যে যোৱা ২০১০ চনৰ পৰা সাংবাদিকজনৰ স্মৃতিৰক্ষা সমিতিয়ে প্ৰদান কৰি অহা এই বঁটা ২০১৯ বর্ষত প্ৰদান কৰিব "দ্য ইক'নমিক টাইমছ'ৰ জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দন শৰ্মাক।

এই কথা আজি জানিবলৈ দিয়ে পৰাগ কুমাৰ দাস স্মৃতিৰক্ষা সমিতিয়ে। সমিতিৰ হৈ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে কয় যে নৱপ্ৰজন্মৰ সাংবাদিকসকলক উৎসাহ জনোৱাৰ বাবে প্ৰতি বর্ষতে এই বঁটা প্ৰদান কৰি অহা হৈছে। এইবাৰো এই বঁটা সাংবাদিকজনৰ ওপজা দিনৰ দিনা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিবেকানন্দ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। লগতে জানিবলৈ দিয়ে যে এই বঁটাত আছে এটা স্মাৰক, মানপত্ৰ আৰু ২৫ হাজাৰ টকাৰ চেক।

Your Comments