উত্তৰ-পূৰ্বাঞ্চলৰ বিধেয়কবিৰোধী দল-সংগঠন-ৰাইজক ধন্যবাদ আছু-নেছ'ৰ

উত্তৰ-পূৰ্বাঞ্চলৰ বিধেয়কবিৰোধী দল-সংগঠন-ৰাইজক ধন্যবাদ আছু-নেছ'ৰ

সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সংগ্রামৰ অন্তত বুধবাৰে ৰাজ্যসভাত স্বাভাৱিক মৃত্যু ঘটিল কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬। বিধেয়কখন ৰাজ্যসভাত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা বুলি ঘোষণা কৰা লগে লগেই সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দেখিবলৈ পোৱা গ'ল খিলঞ্জীয়া ৰাইজ তথা প্ৰতিটো জাতীয় সংগঠন আৰু বিধেয়কবিৰোধী ৰাজনৈতিক দলৰ আনন্দৰ বন্যা। তাৰ সমান্তৰালকৈ আজি নেছ'-আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে আন্দোলত সফল হৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ন্যাসত সম্বোধন কৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল।

সংবাদমেল সম্বোধন কৰি নেছ'-আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনে প্ৰথমে ধন্যবাদ জনাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমক। তেওঁলোকে কয় যে বিজেপি চৰকাৰে যি অন্যায়ভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ জাপি দিবলৈ ওলাইছিল তাৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। যাৰফলত আজি সংগ্রামখনত খিলঞ্জীয়া একতাৰ জয় হৈছে। এই জয় কোনো দল-সংগঠনৰ নহয়, এই জয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একতা আৰু নিৰৱচ্ছিন্ন আন্দোলনৰ জয়। এই জয়ে পুনৰবাৰ প্রমাণ কৰিলে উত্তৰ-পূৰ্বাঞ্চলে আন্দোলন নকৰিলে ভাৰত ৰাষ্ট্ৰই যে একো গুৰুত্ব নিদিয়ে সেই কথাটো।

কাৰণ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ আন্দোলন নোহোৱা হ'লে বিধেয়ক বন্ধ নহ'লহেঁতেন। তাৰবাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীক দিল্লীৰ অন্যায়-প্ৰতাৰণাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ভৱিষ্যৎ দিনবোৰত আন্দোলন কৰি যাব লাগে বুলি আহ্বান জনায় নেছ'-আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গই।

আনহাতে, সংবাদমেলৰ জৰিয়তে নেছ'-আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনে ধন্যবাদ জনায় বিধেয়কবিৰোধী প্ৰতিটো ৰাজনৈতিক দলক। তেওঁলোকে কয় যে বিৰোধীৰ এই শক্তিশালী ভূমিকাৰ বাবেই আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষা হৈছে। নহ'লে বিজেপি দলে ভাৰতবৰ্ষৰ সংবিধানক বিপথে পৰিচালিত কৰিলেহেঁতেন। 

আনহাতে, এই সংবাদমেলত আছুৰ সভাপতি দীপাংক নাথে ছহিদসকলক সোঁৱৰণ কৰি কয় যে আন্দোলনখনত ছহিদৰ সম্পূৰ্ণ আশীৰ্বাদ আছিল বাবেই আজি খিলঞ্জীয়াসকল আন্দোলনখনত সফল হৈছে। লগতে তেওঁ বিজেপি দলক সমালোচনা কৰি কয় যে আমাৰ সমাজখনক কলুষিত কৰাৰ বাবে বিজেপি চৰকাৰৰ গৰ্ভত জন্ম হৈছে মানুহৰূপী এচাম দানৱৰ। যিয়ে পুৱা শুই উঠিয়ে আমাৰ সমাজখনক ভাগ ভাগ কৰাৰ বাবে হিন্দু-মুছলমানৰ ভাগ-বতৰা কৰে। সেইবাবে আমি এতিয়া এই দানৱবোৰক উৎখাত কৰাৰ বাবে ঐক্যবদ্ধ সংগ্রাম অব্যাহত ৰাখিব লাগে বুলি উল্লেখ কৰে। 

আনহাতে, এই সংবাদমেলতে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে বিজেপি চৰকাৰৰ এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে আজিৰে পৰা ৩ বছৰৰ আগতে আমি আন্দোলন কৰিছিলোঁ অসমত। তাৰপাছত সেই আন্দোলন হৈছিল সমগ্ৰ উত্তৰ-পূবত আৰু শেষত আন্দোলনখনে সামৰি লৈছিল সমগ্ৰ ভাৰতবৰ্ষক। তাৰপাছতে গণতন্ত্ৰৰ জয় হৈছে। লগতে তেওঁ অসমৰ মুখ্য মন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰ সাহস হ'ল বিধেয়কৰ বিৰুদ্ধে গৰজি উঠাৰ। কিন্তু নিলাজৰ দৰে সাহস নহ'ল আমাৰ মুখ্য মন্ত্ৰী আৰু ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ।

তাতেই প্ৰমাণ হ'ল এইবিলাক আচলতে আমাৰ বাবে বীজাণু। তেনে বীজাণুসমূহ আমি উৎখাত কৰিব লাগিব৷ নহ'লে আকৌ অসম তথা উত্তৰ-পূৰ্বাঞ্চলক খুলি খুলি খাব। আনহাতে, এই সংবাদমেলতে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে উত্তৰ-পূবৰ খিলঞ্জীয়া সত্তা আমাৰ শক্তি। লগতে তেওঁ তাৎপৰ্যপূর্ণভাৱে কয় যে এই আন্দোলনত আমি এতিয়াও সম্পূৰ্ণৰূপে জয়ী হোৱা নাই। আমি সম্পূৰ্ণ জয়ী তেতিয়াই হ'ম, যেতিয়া এই সাম্প্ৰদায়িক বিজেপিক ৰাজনৈতিকভাৱে উৎখাত কৰিব পাৰিম। নহ'লে পুনৰ বিজেপি দলে এই বিধেয়ক গৃহীত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে তেওঁ জানিবলৈ দিয়ে যে আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনে আগন্তুক নিৰ্বাচনত বিজেপি দলক উৎখাত কৰাৰ বাবে অসমৰ প্ৰতিখন গাঁৱে-ভূঁয়ে ৰাইজক সজাগতা কৰাৰ বাবে গাঁওসভা আয়োজন কৰিব বুলিও।

ইফালে এই সংবাদমেলত ভট্টাচাৰ্যই কয় যে আজি যেনেদৰে সকলো বিৰোধী ৰাজনৈতিক দল আৰু খিলঞ্জীয়া ৰাইজে অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে, একেদৰে কেন্দ্ৰীয় চৰকাৰে অন্যায়ভাৱে প্ৰদান কৰা লং টাৰ্ম ভিছা৷ দ্বিতীয়তে ফৰেইনাৰ্ছ এমেনমেণ্ট অৰ্ডাৰ, ২০১৫ আৰু পাছপ'ৰ্ট ন'টিফিকেচন, ২০১৫ সম্পূৰ্ণৰূপে বাতিল কৰাৰ বাবে সংগ্রাম কৰিব লাগিব। লগতে তেওঁ জানিবলৈ দিয়ে যে ইতিমধ্যে এই তিনিটা বিষয় বাতিল কৰাৰ বাবে আছুৱে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলিও। আনহাতে, এই সমগ্ৰ সংগ্রামখনত নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক ধন্যবাদ জনায় আছু-নেছ'সহ ৩০ জনগোষ্ঠীয় সংগঠনে। লগতে বিজেপি দলকো সকীয়নি প্ৰদান কৰি কয় যে খিলঞ্জীয়া ৰাইজক আৰু অন্যায় নকৰিব, নহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব৷ 

উক্ত সংবাদমেলতে ৩০ জনগোষ্ঠীয় সংগঠনে ধন্যবাদ জনায় অসম গণ পৰিষদক। কাৰণ বিধেয়কৰ বিৰুদ্ধে মিত্ৰতা ত্যাগ কৰি যি জাতি প্ৰেমৰ নিদর্শন দিলে তাৰবাবে দলটোক ধন্যবাদ জনায় আজিৰ সংবাদমেলৰ জৰিয়তে। আনহাতে, এই সংবাদমেলৰ পৰা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰে যে বিজেপি দলক সমগ্ৰ অসম তথা উত্তৰ-পূবৰ পৰা উৎখাত কৰাৰ বাবে এতিয়াৰে পৰা এই সংগ্রাম অধিক তীব্ৰ হ'ব। লগতে তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীয়েও এই আন্দোলনত এতিয়াৰ দৰেই জড়িত হ'ব, কিন্তু শিক্ষাবর্ষ বিসৰ্জন দি নহয়। লগতে সমগ্ৰ উত্তৰ-পূবজুৰি সংগ্রাম অটুট ৰাখিবলৈ আহ্বান জনায় সমুজ্জ্বল ভট্টাচাৰ্যই।

Your Comments