সংখ্যা গৰিষ্ঠতা নথকা স্বত্বেও কৌশলেৰে সভাপতিৰ পদটো অনুসুচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত কৰি আজি বিজেপিয়ে বহু চৰ্চিত নগাঁও জিলা পৰিষদ গঠন কৰিলে। ২৯টা আসনৰে গঠিত নগাঁও জিলা পৰিষদৰ অন্তৰ্গত অনুসুচিত জাতিৰ একমাত্ৰ সদস্য থকাত এই পদটোত আজি বিজেপি দলৰ পূৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্যা মুনমণি দাস বৰাই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হয়।
আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে জিলা পৰিষদৰ সভানেত্ৰী হিচাপে বৰাই এইদৰে বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হয় বুলি জিলা উপায়ুক্তই ঘোষণা কৰে। আনহাতে, সকলোৰে বাবে মুকলি থকা উপ-সভাপতি পদটোত চিৰবৈৰী এআইইউডিএফে দলৰ সদস্যৰ সমৰ্থনত আসনটো অৱশেষত বিজেপিৰ দখললৈ যায়। কোনো এটা দলৰে একক সংখ্যা গৰিষ্ঠতা নথকা এই পদটোৰ বাবে তিনিগৰাকীয়ে মনোনয়ন দাখিল কৰিছিল।
ইয়াৰে শাসকীয় বিজেপিৰ পৰা ছাপাৰমুখ জিলা পৰিষদ সমষ্টিৰ সদস্য প্ৰমোদ চন্দ্ৰ লস্কৰ, কংগ্ৰেছৰ পৰা শিঙিমাৰী-মাধৱপাৰা জিলা পৰিষদ সমষ্টিৰ ইন্দ্ৰ মোহন দাস আৰু অগপৰ পৰা জুৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্যা মুৰ্শিদা বেগমে প্ৰতিদ্বন্দীতা কৰে। ভোটিঙৰ জৰিয়তে বিজেপিৰ প্ৰমোদ চন্দ্ৰ লস্কৰ উপ-সভাপতি পদত নিৰ্বাচিত হয়।
উপ-সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনত বিজেপিৰ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ১৪টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ১২টা আৰু অগপৰ প্ৰাৰ্থী গৰাকীয়ে মাত্ৰ দুটা ভোট লাভ কৰে। উল্লেখ্য যে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ২৯টা জিলা পৰিষদ সদস্যৰে গঠিত নগাঁও জিলা পৰিষদৰ ১২ খন আসন বিজেপিয়ে দখল কৰাৰ লগতে কংগ্ৰেছে ১১ খন, অগপ আৰু এআইইউডিএফে ৩ খনকৈ আসন দখল কৰিছিল।
কিন্তু উপ-সভাপতি পদত আজি অনুষ্ঠিত নিৰ্বাচনত বিজেপিৰ বিজয়ী উপ-সভাপতিগৰাকীয়ে অতি আচৰ্যজনকভাৱে ১৪টা ভোট লাভ কৰে। আনহাতে, কংগ্ৰেছৰ ১২ টা আৰু অগপৰ প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ দুটা ভোট লাভ কৰে।
- Log in to post comments
- 64 views