লতাশিলত আছুৰ বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী

s

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত কেন্দ্ৰ চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত স্বাভাৱিক মৃত্যু হোৱাৰ পিছত আজি সমগ্ৰ ৰাজ্যত নেছ-আছুসহ ৩০টা জনগোষ্ঠীয় সংগঠনে অসম আন্দোলনৰ ছহিদ আৰু বিধেয়কবিৰোধী আন্দোলনত আহত হোৱাসকলৰ আশু-আৰোগ্য কামনা কৰি প্ৰতিখন জিলাতে গ্ৰহণ কৰিছে বন্তি প্ৰজ্জ্বলনৰ কাৰ্যসূচী।

গুৱাহাটী মহানগৰীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ঐতিহাসিক লতাশিল খেলপথাৰত গ্ৰহণ কৰে বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী। উক্ত অনুষ্ঠানত উপস্থিত থাকে আছু সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, আছু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, নেছ নেতৃত্ব, ৩০টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সদস্য।

Your Comments