লজ্জানত সোণোৱলৰ 'ক্ৰীড়া ৰাজধানী' : নিম্নমানৰ কোৰ্টত খেলিবলৈ অস্বীকাৰ শ্বাটলাৰ ছাইনা নেহৱালৰ

লজ্জানত সোণোৱলৰ 'ক্ৰীড়া ৰাজধানী' : নিম্নমানৰ কোৰ্টত খেলিবলৈ অস্বীকাৰ শ্বাটলাৰ ছাইনা নেহৱালৰ

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে অতি লজ্জাজনক ঘটনা৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ক্ৰীড়া ক্ষেত্ৰত ৰচিত হ'ল এক অবাঞ্চিত ইতিহাসৰ৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ লগতে সুস্থ ক্ৰীড়া পৰিৱেশ গঢ়াৰ বাবে বদ্ধপৰিকৰ বুলি বিভিন্ন সময়ত দম্ভালি মাৰি আহিছে৷ সিমানেই নহয়, গুৱাহাটীক দেশৰ 'ক্ৰীড়া ৰাজধানী' হিচাপেও স্বীকৃতি প্ৰদান কৰিছে৷ তেনে ক্ষেত্ৰতে ঘটিল আজি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ অতিকৈ লজ্জাজনক ঘটনাটো৷

উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হৈ আছে ৮৩সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ৷ তাৰবাবে ৰাজ্যখনত এতিয়া ভিৰ কৰিছেহি দেশৰ তাৰকা শ্বাটলাৰসকলে৷ এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আহিছে দেশৰ আগশাৰীৰ তথা বিশ্বৰ ৰেংকিংপ্ৰাপ্ত শ্বাটলাৰ ছাইনা নেহৱালো৷ ছাইনা নেহৱাল আৰু পাৰুপল্লি কাশ্যপৰ মিক্স্‌ড ডাব্‌লছৰ প্ৰি-কোৱাৰ্টাৰৰ পূৰ্বে ঘটে এক অঘটন৷ আজি ছাইনা নেহৱালে বেডমিণ্টন পিট্‌ছ পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্টি প্ৰদৰ্শন কৰে৷

লজ্জানত সোণোৱলৰ 'ক্ৰীড়া ৰাজধানী' : নিম্নমানৰ কোৰ্টত খেলিবলৈ অস্বীকাৰ শ্বাটলাৰ ছাইনা নেহৱালৰ

যাৰফলত অতি নিম্নমানৰ এই পিট্‌ছত নেখেলাৰ সিদ্ধান্ত লয় ছাইনাই৷ উল্লেখ্য যে কাঠেৰে তৈয়াৰী এই পিট্‌ছ ইমানেই নিম্নমানৰ আছিল যে কেইখনমান খেল অনুষ্ঠিত হোৱাৰ পিছতে পিট্‌ছসমূহ তললৈ বহি যায়৷ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই চেম্পিয়নশ্বিপৰ পিট্‌ছ পৰিদৰ্শন কৰাৰ পিছত ছাইনা নেহৱালে এই সম্পৰ্কে অসম বেডমিণ্টন সন্থাৰ ওচৰত অভিযোগ দাখিল কৰে৷ অতি নিম্নমানৰ পিট্‌ছত খেলি আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰিয়ে খেলিবলৈ অস্বীকাৰ কৰে ছাইনাই৷

য'ত ছাইনা নেহৱাল, পি ভি সিন্ধুৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বাটলাৰে অংশগ্ৰহণ কৰিছে তাত এনেধৰণৰ নিকৃষ্ট পিট্‌ছ নিৰ্মাণে ৰাজ্য চৰকাৰ তথা ক্ৰীড়া বিভাগৰ দায়িত্বহীনতাৰ কথাই সূচাইছে৷ অৱশ্যে পিছত ছাইনা-কাশ্যপৰ খেলৰ সূচীৰ সালসলনি ঘটাই পিট্‌ছ মেৰামতিৰ ব্যৱস্থা কৰে বিভাগীয় কৰ্তৃপক্ষই৷ চৰকাৰ তথা অসম বেডমিণ্টন সন্থাৰ এনে দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডৰ বাবে এতিয়া দেশৰ ক্ৰীড়া ক্ষেত্ৰত লজ্জানত ৰাজ্যবাসী৷ 

Your Comments