আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিজয় উৎসৱ : বিধেয়কৰ বিৰোধিতা কৰা সকলোকে ধন্যবাদ আছুৰ

আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিজয় উৎসৱ : বিধেয়কৰ বিৰোধিতা কৰা সকলোকে ধন্যবাদ আছুৰ

অসমবাসীৰ দীর্ঘদিনীয়া প্ৰতিবাদী কণ্ঠত অৱশেষত ৰাজ্যসভাত থমকি ৰ'ল কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬। বিজেপি চৰকাৰে চলে-বলে-কৌশলে লোকসভাত গৃহীত কৰাৰ পাছত ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ বাবে বহু অভিসন্ধি ৰচনা কৰিও অৱশেষত থমকি ৰ'ল ৰাজ্যসভাৰ মজিয়াত। তাৰ আনন্দৰ বন্যা এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো।

আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিজয় উৎসৱ : বিধেয়কৰ বিৰোধিতা কৰা সকলোকে ধন্যবাদ আছুৰ

গুৱাহাটী মহানগৰীৰ আছুৰ মুখ্য কাৰ্যালয়ত দেখিবলৈ পোৱা গ'ল এক আৱতৰীয়া দীপাৱলী। সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে বিধেয়কৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি মিঠাই বিলাই পালন কৰে আনন্দ উৎসৱ। ইয়াৰ উপৰি ছহিদ ভৱনৰ সন্মুখত আছুকর্মীসকলে ফটকা ফুটাই আনন্দ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি আছুকর্মীসহ মহানগৰীৰ বহুকেইখন কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে হাতত ঢোল-তাল লৈ ৰাজপথত পালন কৰে বিজয় উৎসৱ।

আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিজয় উৎসৱ : বিধেয়কৰ বিৰোধিতা কৰা সকলোকে ধন্যবাদ আছুৰ

আছুকর্মীসকলৰ মন্তব্য- চৰকাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূববাসী ৰাইজৰ এয়া বৃহৎ জয়। চৰকাৰৰ সকলো চক্ৰান্ত অসম তথা উত্তৰ-পূববাসী ৰাইজৰ প্ৰতিবাদে ধূলিস্যৎ কৰি দিলে। ইয়াৰ উপৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই এই বিজয় উল্লাসৰ মাজৰ পৰাই বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা ভূমিকাৰ বাবে ধন্যবাদ দিয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক।

আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিজয় উৎসৱ : বিধেয়কৰ বিৰোধিতা কৰা সকলোকে ধন্যবাদ আছুৰ

তেওঁলোকে বিজয় উৎসৱৰ মাজৰ পৰা উল্লেখ কৰে যে কনৰাড চাংমা কেৱল মেঘালয়ৰ বাবেই নহয়, তেওঁ এজন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিশালী নেতা। লগতে আছুকৰ্মীসকলে ৰাজ্যসভাত বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা ভূমিকা বাবে সকলো বিৰোধী শক্তিকে বিজয় উৎসৱৰ মাজৰ পৰা ধন্যবাদ জনায়৷ 

Your Comments