ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : অনিৰ্দিষ্টকালৰ বাবে সদন স্থগিত

ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক : অনিৰ্দিষ্টকালৰ বাবে সদন স্থগিত

বহু চৰ্চিত আৰু বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা ৰাজ্যবাসীৰ সকাহ৷ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় দল-সংগঠনসমূহে তীব্ৰ বিৰোধিতা কৰি অহা সত্ত্বেও কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছিল৷ মঙলবাৰে ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ কথা আছিল যদিও মূৰকত উত্থাপন নহ'ল৷ ৰাজ্যসভাৰ আজিৰ কাৰ্যক্ৰমণিকাতো আছিল বিধেয়কখনৰ প্ৰসংগ৷

কিন্তু আজি ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়কখন৷ কিয়নো আজি প্ৰায় ১২.৩০ বজাত অনিৰ্দিষ্টকাললৈ ৰাজ্যসভা স্থগিতৰ ঘোষণা কৰা হয়৷ উল্লেখ্য যে ৰাফেল কেলেংকাৰীক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে আজি পুৱাৰে পৰা সংসদ ভৱনৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আনহাতে, ৰাজ্যসভাতো ৰাফেল ক্ৰয় কেলেংকাৰী সন্দৰ্ভত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিৰোধী দলসমূহে৷ লগতে সদনত পৰ্যাপ্ত সাংসদো উপস্থিত নথকাৰ দোহাই দি অনিৰ্দিষ্টকালৰ বাবে সদন স্থগিতৰ ঘোষণা কৰে অধ্যক্ষই৷

Your Comments