মণিপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী তীব্ৰ প্ৰতিবাদ

s

মণিপুৰত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিৰোধী তীব্ৰ প্ৰতিবাদ৷ মণিপুৰৰ জাতীয় সংগঠনসমূহে ৰাজ্যজুৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ ৰাজধানী ইম্ফলটো জাতীয় দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ইম্ফলৰ ৰাজপথত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে৷ ৰাজপথত টায়াৰ জ্বলাই যান-বাহনৰ যাতায়ত ব্যাহত কৰা হৈছে৷ ইফালে, প্ৰশাসনে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ প্ৰয়াস চলাইছে৷ ইম্ফলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ প্ৰতিবাদী বক্তৃতা অনুষ্ঠানৰ আয়োজনত বাধা আৰোপ কৰা হৈছে৷

Your Comments