কুম্ভ মেলাত কথমপি প্ৰাণৰক্ষা বিহাৰৰ ৰাজ্যপালৰ

s

কুম্ভ মেলাত কথমপি প্ৰাণৰক্ষা পৰে বিহাৰৰ ৰাজ্যপালৰ৷ বিহাৰৰ ৰাজ্যপাল লালজী টেণ্ডন থকা টেণ্টত যোৱা নিশা ২.৩০বজাত জুই লাগে৷ নিদ্ৰামগ্ন ৰাজ্যপাল টেণ্ডনক শাৰীৰিক ক্ষতি নোহাৱা অৱস্থাত কোনোৰকমে উদ্ধাৰ কৰা হয়৷ কিন্তু জুইত ৰাজ্যপালজনৰ মোবাইল, ঘড়ী, চছমা জ্বলি যায়৷

টেণ্ডনক ইয়াৰ পিছত নিশা ৩.৩০ বজাত চাৰ্কিট হাউচলৈ স্থানান্তৰ কৰা হয়৷ উল্লেখ্য যে টেণ্ডনৰ টেণ্টটো কুম্ভ মেলাস্থলীৰ চেক্টৰ-২০ৰ ত্ৰিবেণী টেণ্ট চিটিত আছিল৷ ইয়াৰ পূৰ্বেও কুম্ভ মেলাস্থলীত কেইবাবাৰো অগ্নিকাণ্ড সংঘটিত হৈছে৷ যি প্ৰশাসনৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্নচিহ্নৰ উত্থাপন কৰিছে৷

Your Comments