বেংককত অসমৰ পৰ্যটন, বাণিজ্য আৰু সংস্কৃতিৰ বৃহৎ প্ৰদৰ্শন

s

যোৱা তিনিদিন ধৰি বেংকক চহৰত উত্তৰ-পুব ভাৰতৰ বৃহৎ প্ৰদৰ্শন নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন হয়। শুক্ৰবাৰে সন্ধিয়া হোৱা আৰম্ভণি অনুষ্ঠানত থাইলেণ্ডৰ বাণিজ্য মন্ত্ৰী চুটিমা বন্যপ্ৰফ্ৰাচাতাকে ধৰি দক্ষিণ-পুব এছিয়াৰ থাইলেণ্ডস্থিত ৰাষ্ট্ৰদূত, থাইলেণ্ড চৰকাৰ, উদ্যোগীসকলৰ লগত মত-বিনিময় হয় । মেঘালয়, মণিপুৰ, নগালেণ্ড, উত্তৰ-পুব পৰিষদ ইত্যাদিৰ জ্যেষ্ঠ বিষয়াসকলে অঞ্চলটোত উদ্যোগ আৰু বাণিজ্যৰ সম্ভাৱনীয়তাৰ কথা দাঙি ধৰে।

w

থাইলেণ্ডস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুচিত্ৰা দুৰাইয়ে ঘোষণা কৰে যে মাৰ্চ মাহৰ পৰা গুৱাহাটী আৰু বেংককৰ মাজত স্পাইচজেটৰ দ্বাৰা বিমানসেৱা আৰম্ভ কৰিব। মুখ্য আয়োজক শ্যামকানু মহন্তই উত্তৰ-পুবৰ বৈশিষ্টতা তথা দক্ষিণ-পুব এছিয়াৰ লগত থকা ভৌগলিক স্থিতিৰ সম্পৰ্কে ব্যাখ্যা কৰে। মহন্তই টাই সভ্যতাৰ উত্তৰ-পুবৰ সম্পৰ্কৰ বিষয়ে টাই-আহোম সভ্যতা আৰু দুয়োটা অঞ্চলৰ মাজত থকা দীৰ্ঘকালৰ সম্পৰ্কৰ কথা ব্যখ্যা কৰে।

শনিবাৰে পুৱা পৰ্যটনৰ এখন যুগান্তকাৰী আলোচনা হয় যত ভাগ লয় থাইলেণ্ডৰ ১১৫জন ট্যুৰ অপাৰেটৰে। অনুষ্ঠানটিত মেঘালয়, মণিপুৰ, নগালেণ্ড আৰু বিটিচি পৰ্য্যটন বিভাগে অঞ্চলটোত পৰ্য্যটনৰ সম্ভাৱনীয়তাৰ কথা দাঙি ধৰে। অনুষ্ঠানটোত অসম তথা উত্তৰ-পূবৰ বেছি সকল মুখ্য ট্যুৰ অপাৰেটৰে অংশগ্ৰহণ কৰি থাইলেণ্ডৰ পৰা পৰ্য্যটক আনিবলৈ চেষ্টা কৰে আৰু এক দীৰ্ঘম্যাদী সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়।

bankog_thailand_assam

শনিবাৰে আবেলি উত্তৰ-পূবত বাণিজ্য আৰু উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কে হোৱা আলোচনাত থাইলেণ্ডৰ উদ্যোগীসকলে উত্তৰ-পুবৰ উদ্যোগীসকলৰ লগত মত-বিনিময় কৰে। বিশিষ্ট শিক্ষাবিদ মাধুৰ্য্য দত্তই আঁতধৰা অনুষ্ঠানটোত উদ্যোগী অভিজিত বৰুৱা, কাজিৰঙা বিশ্ববিদ্যালয়ৰ বসন্ত খৈটান, লাউচত থকা অসমৰ উদ্যোগী মহ: হাবিব ইত্যাদিয়ে অংশগ্ৰহণ কৰে। চাহ, বাঁহ-বেত, ইত্যাদিৰ সম্ভাৱনীয়তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হয়। স্পাইচজেটে উত্তৰ-পূবৰ শস্য, ফল-মুল ইত্যাদি বেংককত বাণিজ্যৰ সম্ভাৱনীয়তাৰ কথা ব্যাখ্যা কৰে।

bankong_ne_culture

আনহাতে দুদিন ধৰি উত্তৰ-পূবৰ সংস্কৃতিৰ ভৰপূৰ প্ৰদৰ্শন কৰা হয় বেংককৰ বিখ্যাত চেণ্ট্ৰেল ৱৰ্ল্ডত। চুমি নাগাসকলৰ যুদ্ধৰ নৃত্য, বিভিন্ন মণিপুৰী নৃত্য, বিহু, তিৱা, বাগৰুম্বা ইত্যাদিকে ধৰি উত্তৰ-পূবৰ নৃত্য সম্ভাৰে বিদেশী ৰাইজক আপ্লুত কৰে। সংঘমিত্ৰা, বিজু ফুকন, বৰ্ষা, আদিত্য সিংহ, অৰিতা কাশ্যপকে ধৰি বিভিন্ন ডিজাইনাৰে ফেশ্বন শ্ব’প্ৰদৰ্শন কৰে উত্তৰ-পূবৰ সাজপাৰক লৈ।

নিশাৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গ, ৰাহুল ৰাজখোৱা, ফিডাৰহেডছকে ধৰি উত্তৰ-পূবৰ বহু শিল্পি আৰু নামী ৰক বেণ্ডে অংশগ্ৰহণ কৰে। লগতে বিভিন্ন ৰাজ্যৰ পৰ্য্যটন, চাহ, বাঁহ-বেত, খাদ্যসম্ভাৰ, সাজপাৰ ইত্যাদিৰ ব্যাপক প্ৰদৰ্শন কৰা হয়। উত্তৰ-পূবৰ চৰকাৰসমূহে সমগ্ৰ আয়োজনটোক ভুয়সী প্ৰশংসা কৰে আৰু এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবৰ পৰ্য্যটন আৰু বাণিজ্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিবৰ্তন হব বুলি আশা প্ৰকাশ কৰে।

Your Comments