ৰাজস্থান ৰয়েলছৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ শ্বেন ৱাৰ্ণ 

shane warne, rajanthan royals

অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণ ৰাজস্থান ৰয়েলছ ক্ৰিকেট দলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ হৈছে । ৰাজস্থান ৰয়েলছৰ সৈতে দীঘলীয়া সময় ধৰি জড়িত ৱাৰ্ণে ইতিপূৰ্বে দলটোৰ কেপ্তেইন আৰু প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল । আই পি এলৰ ইতিহাসত দলটোৱে মাথোঁ এবাৰেই চেম্পিয়নশ্বিপ অৰ্জন কৰিছে ।

২০০৮ বৰ্ষত ৱাৰ্ণৰ নেতৃত্বতে এই খিতাপ দখল সম্ভৱ হৈছিল । ৰাজস্থান ৰয়েলছৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত হৈ অষ্ট্ৰেলিয়ান লেগ স্পীনাৰগৰাকী স্বাভাৱিকতে সুখী । তাৰ বাবে ৱাৰ্ণে বিশেষভাৱে কৃতজ্ঞতা জনাইছে দলৰ লগতে অনুৰাগীসকলক ।

Your Comments