সকলোকে লগত লৈ এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিব প্ৰিয়ংকাই

সকলোকে লগত লৈ এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিব প্ৰিয়ংকাই

কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি উত্তৰ প্ৰদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে এটা অডিঅ' বাৰ্তাত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিলে প্ৰিয়ংকা গান্ধীয়ে৷ উত্তৰ প্ৰদেশৰ সকলো জনসাধাৰণক লগত লৈ এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিব বুলি বক্তব্য ৰাখি সহযোগ কৰিবৰ বাবে ৰাইজলৈ আহ্বান জনায়৷

সকলোকে লগত লৈ এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিব প্ৰিয়ংকাই

অডিঅ' বাৰ্তাটোত প্ৰিয়ংকাই কয়- "নমস্কাৰ, মই প্ৰিয়ংকা গান্ধী ৱাদ্ৰা৷ আপোনালোকক লগ পাবলৈ মই লক্ষ্ণৌলৈ আহিছোঁ৷ আমাৰ আশা, সকলোৱে মিলি ঐক্যবদ্ধভাৱে এক নতুন ধৰণে ৰাজনীতি আৰম্ভ কৰিব পাৰিম৷" নতুন ধৰণৰ ৰাজনীতি বুলি কৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰকৃতাৰ্থত স্পষ্ট কৰি দিছে যে এই ৰাজনীতিত তৰুণ প্ৰজন্ম, যুৱতী তথা মহিলাসকলৰ লগতে অতি দুৰ্বল শ্ৰেণীৰ মতামতক লৈ আগবঢ়া হ'ব৷

সকলোকে লগত লৈ এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিব প্ৰিয়ংকাই

প্ৰিয়ংকাই কয়- "আহক, সকলোৱে মিলি আমাৰ লগত যোগ দিয়ক আৰু দেশৰ এক নতুন ভৱিষ্যৎ গঢ়ি তোলক৷" ইতিমধ্যেই অডিঅ' বাৰ্তাটো দেশৰ ৩০ লাখ মানুহৰ কৰ্ণগোচৰ হৈছে৷ প্ৰিয়ংকাৰ ৰাজনৈতিক পথাৰত প্ৰথম খোজত উত্তৰ প্ৰদেশলৈ তেওঁক সংগ দিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু আন এগৰাকী নতুনকৈ সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰা জ্যোতিৰাদিত্যই৷ 

Your Comments