কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে পুনৰ দিল্লীলৈ অগপ, আছু আৰু ৭০টা সংগঠনৰ নেতৃত্ব

s

কেন্দ্ৰ চৰকাৰৰ জাতিধ্বংসী সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ দিল্লীলৈ অসম গণ পৰিষদ, আছু আৰু ৭০টা সংগঠনৰ নেতৃত্বসকল৷ অসম গণ পৰিষদ ফালৰ পৰা দলটোৰ সভাপতি অতুল বৰাসহ ৭ জন প্ৰতিনিধি।

2

একেদৰে আছুৰ ফালৰ পৰা মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যসহ এটা দল আৰু ৭০টা সংগঠনৰ হৈ কৃষক নেতা অখিল গগৈ, পলাশ চাংমাইসহ ৭০টা সংগঠনৰ প্ৰতিনিধি।

উল্লেখ্য যে ৰাজ্যসভাত বিধেয়কখন বিৰোধিতা কৰাৰ উদেশ্যৰে আজি সকলোৱে সাক্ষাৎ কৰিব তৃণমূল কংগ্ৰেছ আৰু বিজু জনতা দলৰ নেতৃত্বক। আনহাতে, সম্ভাৱনা আছে এআইএডিএমকে, টিআৰএছ দলৰ নেতৃত্বকো সাক্ষাৎ কৰাৰ। কিছুদিনৰ পূৰ্বেও অগপ, আছু, ৭০টা সংগঠনে বিধেয়ক বিৰোধিতা কৰাৰ বাবে সাক্ষাৎ কৰিছিল বহুকেইটা বিৰোধী ৰাজনৈতিক দলক।

Your Comments