আন্তঃমহাবিদ্যালয় কাবাডী প্ৰতিযোগিতাত ৰূপহী মহাবিদ্যালয় চূড়ান্ত বিজয় 

w

জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁও জিলাৰ ৰূপহী মহাবিদ্যালয়ত তিনিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় আন্তঃমহাবিদ্যালয় কাবাডী প্ৰতিযোগিতা৷ আজি শেষৰ দিনা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আন্তঃমহাবিদ্যালয় কাবাডী প্ৰতিযোগিতাৰ ফাইনেল খেলৰ ল'ৰা আৰু ছোৱালীৰ দুয়োটা শাখাতেই ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰীৰ দল দুটা বিজয়ী হয়।

বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেল দুখনত ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰৰ দলটোৱে ননৈ মহাবিদ্যালয়ৰ দলটোক পৰাজিত কৰাৰ বিপৰীতে ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰীৰ দলটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোক পৰাজিত কৰে। মহাবিদ্যালয়খনৰ এনে সাফল্যত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে ব্যাপক আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে যোৱা ৮, ৯ আৰু ১০ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয়খনত অনুষ্ঠিত কাবাডী প্ৰতিযোগিতাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মুঠ ৩৩খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ভূবানন্দ পাটনায়কে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Your Comments