আন্তঃজিলা বিদ্যালয় বক্সিং চেম্পিয়নশ্বিপত নামৰূপৰ মৌচম গগৈৰ ব্ৰঞ্জৰ পদক

আন্তঃজিলা১বিদ্যালয়১বক্সিং১চেম্পিয়নশ্বিপত১নামৰূপৰ১মৌচম১গগৈৰ১ব্ৰঞ্জৰ১পদক

নামৰূপৰ পৰা সমীৰণ বৰুৱা

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা ছাইৰ গুৱাহাটী কাৰ্যালয়ৰ সহযোগত আয়োজিত  আন্তঃজিলা বিদ্যালয় বক্সিং চেম্পিয়নশ্বিপ টুৰ্ণামেণ্টত নামৰূপ মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মৌচম গগৈয়ে ৫০ কেজিৰ ল'ৰা শাখাত ব্ৰঞ্জৰ পদকেৰে বিদ্যালয়ৰ লগতে নামৰুপ সাৰনগৰীলৈ গৌৰৱ কঢিয়াই আনে।

আন্তঃজিলা১বিদ্যালয়১বক্সিং১চেম্পিয়নশ্বিপত১নামৰূপৰ১মৌচম১গগৈৰ১ব্ৰঞ্জৰ১পদক

উল্লেখ্য যে মৌচম গগৈয়ে নাহৰকটীয়া বক্সিং এছ'চিয়েচনৰ তত্বাৱধানত, নৌটিলাছ ক্লাব, নামৰূপৰ উদ্যোগত তথা প্ৰশিক্ষক ওৱাহিদুৰ ৰহমানৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। নামৰুপ বি ভি এফ চি এল নিবাসী তথা সাংবাদিক হীৰেন গগৈ আৰু বন্দনা গগৈৰ একমাত্ৰ পুত্ৰ মৌচম।
 

Your Comments