আছুৰ মুখ্য কাৰ্যালয়ত প্ৰধান মন্ত্ৰী মোডীৰ পুত্তলিকা দাহ

আছুৰ মুখ্য কাৰ্যালয়ত প্ৰধান মন্ত্ৰী মোডীৰ পুত্তলিকা দাহ

কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আজি ৰাজ্যজুৰি প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ আৰু ক'লা পতাকা প্ৰদৰ্শনেৰে বিক্ষোভ কাৰ্যসূচী পালন কৰে আছুৱে। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আছুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰে পুত্তলিকা দাহ আৰু ক'লা পতাকা প্রদর্শন কাৰ্যসূচী।

আছুৰ মুখ্য কাৰ্যালয়ত প্ৰধান মন্ত্ৰী মোডীৰ পুত্তলিকা দাহ

পুত্তলিকা দাহ কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই নৰেন্দ্ৰ মোডী গ'-বেক, নৰেন্দ্ৰ মোডী মৰি গ'ল ধ্বনিত উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল। উল্লেখ্য যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এই কাৰ্যসূচী চলি থাকোঁতে প্ৰধান মন্ত্ৰীগৰাকী চাংসাৰিৰ এইম্‌ছ সভাস্থলীত উপস্থিত আছিল।

আছুৰ মুখ্য কাৰ্যালয়ত প্ৰধান মন্ত্ৰী মোডীৰ পুত্তলিকা দাহ

ইফালে শুকুৰবাৰেও প্ৰধান মন্ত্ৰীগৰাকী ৰাজভৱনলৈ যোৱা পথত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰা হৈছিল ক'লা পতাকা।

Your Comments