তামুলপুৰত প্ৰৱল ধুমুহাত গৃহহাৰা ৫ পৰিয়াল 

তামুলপুৰত প্ৰৱল ধুমুহাত গৃহহাৰা ৫ পৰিয়াল 

 বাক্সা জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কান্দুলীমাৰাত সোমবাৰে নিশা অহা এক প্ৰৱল ধুমুহাই কালৰূপ ধাৰণ কৰে। নিশা হঠাৎ অহা ধুমুহাৰ ফলত বিধ্বস্ত হৈ পৰে অঞ্চলটোৰ জন-জীৱন।

জানিব পৰামতে, উক্ত ধুমুহাৰ ফলত গাঁওখনৰ ৫টা পৰিয়াল গৃহহীন হৈ পৰে। ধুমুহাৰ ফলত  সুধন শৰণীয়া, কমল শৰণীয়া, ৰোদন শৰণীয়া, লখীন্দ্ৰ শৰণীয়া, ধীৰেন ডেকা, দয়াৰাম দাস,  মাগন দাস, ধৰণী শৰণীয়া,  নৃপেন দাস, উমেশ শৰণীয়া আৰু বুবুল শৰণীয়াৰ ঘৰ-দুৱাৰ ভাঙি চুৰমাৰ হয়। ইয়াৰে পাঁচটা পৰিয়াল সম্পূৰ্ণ গৃহহীন হৈ পৰে।

তামুলপুৰত প্ৰৱল ধুমুহাত গৃহহাৰা ৫ পৰিয়াল 

হঠাতে প্ৰচণ্ড জোৰেৰে অহা ধুমুহাজাকত শংকিত হৈ পৰে গাঁওখনৰ ৰাইজ। জনসাধাৰণৰ ভঁৰালৰ ধান-চাউল, কানি-কাপোৰ, বয়-বস্তু পানীত তিতি নষ্ট হৈ পৰে। তদুপৰি, গছ-গছনিকে ধৰি ভালেমান প্ৰাকৃতিক সম্পদো বিনষ্ট হয় উক্ত ধুমুহাজাকত।

Your Comments