তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা ভাষা প্ৰশিক্ষণৰ সফল সামৰণি

ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা ভাষা প্ৰশিক্ষণ

 ‘ভাষা হৈছে এটা জাতিৰ দাপোণস্বৰূপ। ভাষা জীয়াই থাকিলেহে এটা জাতি জীয়াই থাকিব৷’ -এই ভাষ্য সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক ৰবেন ৰাভাৰ। বাক্সা জিলা ৰাভা সাহিত্য সভা আৰু তামুলপুৰ আঞ্চলিক ৰাভা  ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তামুলপুৰস্থিত বৰখোপাৰ ৰাভা ভৱনত আয়োজন কৰা ১৪ দিনীয়া ৰাভা ভাষাৰ প্ৰশিক্ষণৰ আজি সামৰণী অনুষ্ঠানত ৰাভাই এই মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাভা জাতি এটা চহকী জাতি। এই জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, কৃষ্টি আছে, সংস্কৃতি আছে।

জনগোষ্ঠীটোৰ ভাষা-কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ নতুন প্ৰজন্মই আগভাগ ল’ব লাগিব। বাক্সা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি বলেন্দ্ৰ ৰাভাৰ সভাপতিত্বত আৰু তামুলপুৰ ৰাভা ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক কমল ৰাভা হাকাচামে আঁতধৰা সভাখন উদ্বোধন কৰে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বিৰেন চন্দ্ৰ ৰাভাই।

সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক  ইমানুৱেল মুছাহাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে ভাষা জানিবলৈ মানুহ অধ্যয়নশীল হ”ব লাগিব।   একাগ্ৰতা আৰু জিজ্ঞাসু মন লৈ অধ্যয়ন কৰিলেহে মানুহে ভাষা এটা ভালদৰে শিকিব পাৰি। বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়োৱে কয় যে  বিভিন্ন সভা-সমিতিত  ৰাভা ভাষাত কথা-বতৰা পাতিলে ভাষাটো আগবঢ়াই নিয়াত সহায়ক হ’ব।

সভাত নিখিল ৰাভা সাহিত্য সভাৰ উপ-সভাপতি যতীন্দ্ৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দীপাংকৰ ৰাভা, বাক্সা জিলা ৰাভা কৃষ্টি সংঘৰ সম্পাদক মাধৱ ৰাভা আৰু বাক্সা জিলা ৰাভা ছাত্ৰ সন্থাৰ  শিক্ষা সচিব চবিন ৰাভায়ো ৰাভা ভাষাৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ  পক্ষত ভাষণ আগবঢ়ায়। উক্ত সভাত বাক্সা জিলা ৰাভা সাহিত্য সভা আৰু তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সহযোগত প্ৰকাশ কৰি উলিওৱা তিনিমহীয়া আলোচনী ‘পাজাৰ’ৰ প্ৰথম  সংখ্যাটো উন্মোচন কৰে তামুলপুৰৰ বিধায়ক  ইমানুৱেল মুছাহাৰীয়ে।

উল্লেখ্য যে  ১৪দিনীয়া এই ৰাভা ভাষাৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আগবাঢ়ায় মেঘালয়ৰ তাপশ্ৰী সাধু আৰু নবিন চন্দ্ৰ ৰাভাই। ইয়াৰ পূৰ্বে নৱনিৰ্মিত ৰাভা সাহিত্য ভৱন এটাৰ উদ্বোধন কৰে ইমানুৱেল মুছাহাৰীয়ে।

 

Your Comments