ওদালগুৰিত গ্ৰাম‍্য স্বচ্ছতা সমীক্ষা-২০১৮ৰ সজাগতা সমদল

ওদালগুৰিত গ্ৰাম‍্য স্বচ্ছতা সমীক্ষা-২০১৮ৰ সজাগতা সমদল

ওদালগুৰি জিলা জনস্ব‍্যাস্থ কাৰিকৰী বিভাগৰ অধীনস্থ জিলা জল আৰু অনাময় সমিতিৰ সৌজন‍্যত আজি গ্ৰাম‍্য স্বচ্ছতা সমীক্ষা-২০১৮ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

বিষ্ণুৰাভা কৃষ্টি সংঘত অনুষ্ঠিত সজাগতা সভাখনত জিলাখনৰ আত্মসহায়ক গোট, এন জি অ'কে ধৰি কেইবা শতাধিক ব‍্যক্তিৰ উপস্থিতিত  জিলা ন’ডেল বিষয়া নমেশ্বৰ টায়াঙে সভাখন উদ্বোধন কৰে৷ সভাত উপস্থিত থাকে বিটিচিৰ জনস্ব‍্যাস্থ  কাৰিকৰী বিভাগৰ ই এম লৌমশ্ৰাও দৈমাৰী, বিটিচিৰ অধ‍্যক্ষ ত্ৰিদীপ দৈমাৰী, জিলা যুটীয়া স্ব‍াস্থ্য সঞ্চালক তবেবুৰ ৰহমান, জনস্ব‍্যাস্থ কৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা প্ৰণৱ গোস্বামী, অতিৰিক্ত উপায়ুক্ত অমৰজ‍্যোতি বৰ্মন, ভৈৰৱকুণ্ড সমষ্টিৰ এম চি এল এ ৰিপেন দৈমাৰী আদি৷

ওদালগুৰিত গ্ৰাম‍্য স্বচ্ছতা সমীক্ষা-২০১৮ৰ সজাগতা সমদল

আনহাতে, উক্ত অনুষ্ঠানত অনাময় আঁচনি প্ৰৰ্যবেক্ষক, বি আৰ চি ৰিপণ দৈমাৰীকে ধৰি ওদালগুৰি জনস্ব‍াস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে।সজাগতা সভাৰ অন্তত চহৰখনত সজাগতা বৃদ্ধিৰ বাবে এক সমদলো উলিওৱা হয়।

সমদলত হাতে হাতে প্লে’-কাৰ্ড লৈ আমাৰ স্ব‍াস্থ্য আমাৰ হাতত, মুকলিতে মলত‍্যাগ পৰিহাৰ কৰক আদি শ্লোগান দি ওদালগুৰি জিলাখনৰ সকলো জনসাধাৰণকে এই অভিযান সফল কৰিবলৈ আহ্বান জনায়।

Your Comments