মঙলদৈত একে ৰাতিতে স্থাপন হ'ল এখন গাঁও : কৃষক মুক্তি-অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া

মঙলদৈত একে ৰাতিতে স্থাপন হ'ল এখন গাঁও : কৃষক মুক্তি-অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া   ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলি থকাৰ সময়তে দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ থানা আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগৰ বাঘপৰি বিহাৰী বস্তিত ৰাতিটোৰ ভিতৰতে ২৫-৩০ ঘৰ পৰিয়ালেৰে গঢ়ি উঠিল এখন গাঁও। জানিব পৰামতে, বাঘপৰি বিহাৰী বস্তিৰ শংকৰ চৌহান নামৰ লোকজনৰ প্ৰায় ২০ বিঘা খেতিমাটি এসপ্তাহ পূৰ্বে ৰাতিটোৰ ভিতৰতে উক্ত পৰিয়ালকেইটাই বেদখল কৰি ঘৰ সাজি থাকিবলৈ লয়। উল্লেখ্য যে হিন

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলি থকাৰ সময়তে দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ থানা আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগৰ বাঘপৰি বিহাৰী বস্তিত ৰাতিটোৰ ভিতৰতে ২৫-৩০ ঘৰ পৰিয়ালেৰে গঢ়ি উঠিল এখন গাঁও। জানিব পৰামতে, বাঘপৰি বিহাৰী বস্তিৰ শংকৰ চৌহান নামৰ লোকজনৰ প্ৰায় ২০ বিঘা খেতিমাটি এসপ্তাহ পূৰ্বে ৰাতিটোৰ ভিতৰতে উক্ত পৰিয়ালকেইটাই বেদখল কৰি ঘৰ সাজি থাকিবলৈ লয়।

1111

উল্লেখ্য যে হিন্দু বঙালী সম্প্ৰদায়ৰ উক্ত লোকসকল ৰাতিটোৰ ভিতৰতে ক'ৰ পৰা কেনেকৈ কাৰ নেতৃত্বত আহিল বিষয়টো ৰহস্যজনক হৈ পৰিছে। স্থানীয় এক সূত্ৰই জানিব দিয়া মতে, উক্ত লোকসকলক স্থানীয় জনৈক বিশ্বাস আৰু বাঢ়ৈ উপাধিৰ দুজন দালালে মায়াং, ভূৰাগড়, শিংৰি আদি বহিঃজিলাৰ পৰা আনি ৰাতিটোৰ ভিতৰতে ঘৰ বান্ধি দিয়ে। ইপিনে ভুক্তভোগী শংকৰ চৌহানে ১৯৮৭ চনৰ পৰা চৰকাৰক খাজানা আদায় দি থকা মাটি টুকুৰা দালালৰ জৰিয়তে অবৈধ বেদখলকাৰীৰ কবলত পৰাত প্ৰশাসনৰ ওচৰ চাপিছে যদিও সদুত্তৰ পোৱা নাই। ৰাজ্যজুৰি হিন্দু বাংলাদেশী ইছ্যুক লৈ প্ৰবল প্ৰতিবাদ চলি থকাৰ সময়তে এনেদৰে এখন হিন্দু বঙালীৰ গাঁও নিমিষতে গঢ় লৈ উঠাত হতভম্ব হৈ পৰিছে বিভিন্ন জাতিয়তাবাদী দল-সংগঠন।

222

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে উক্ত পৰিয়ালকেইটা ৰাতিৰ ভিতৰতে ক'ৰ পৰা কেনেকৈ আহি ঘৰ সাজিব পাৰিলে তাক তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। একেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰং জিলা সমিতিয়েও দৰং জিলা প্ৰশাসনক তৎকালীনভাৱে তদন্ত কৰিবলৈ দাবী জনাইছে। যদিহে তৎকালীনভাৱে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, পৰৱৰ্তী পৰিস্থিতিৰ বাবে প্ৰশাসন জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে। প্ৰাক্তন আলফা ঐক্যমঞ্চই প্ৰশাসনৰ লোকক তৎকালীনভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত কৰিবলৈ দাবী জনাইছে।

Your Comments