আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক ৰাণৰ অভিলেখ ৰোহিত শৰ্মাৰ : ১০০টা ছিক্সাৰ কোবোৱা প্ৰথম ভাৰতীয়

s

নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অক্‌লেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত দ্বিতীয়খন খেলত আজি দুটাকৈ অনন্য অভিলেখ অধিকাৰী হয় 'হিটমেন' ৰোহিত শৰ্মা৷ টি-২০ শৃংখলাটোৰ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আজি পৰিগণিত হ'ল আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে৷ আজিৰ খেলখনত ভাৰতৰ ইনিংছত ৪১ ৰাণ কৰাৰ লগে লগেই তেওঁ নিউজীলেণ্ডৰ মাৰ্টিন গুপ্তিলৰ ২,২৭২ ৰাণৰ অভিলেখ ভংগ কৰে৷

বৰ্তমান ৰোহিতৰ পিছত দ্বিতীয় স্থানত গুপ্তিল থকাৰ বিপৰীতে তৃতীয় স্থানত আছে পাকিস্তানৰ ছোৱেইব মালিক (২,২৬৩)৷ আনহাতে, আজিৰ খেলখনতে ১০০টা ৬ কোবোৱা প্ৰথমজন ভাৰতীয় হিচাপে চিহ্নিত হয় ৰোহিত৷ আন্তঃৰাষ্ট্ৰীয় টি-২০ত ৬ কোবোৱাৰ ক্ষেত্ৰত খেলুৱৈৰজনৰ আগত আছে মাৰ্টিন গুপ্তিল আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল (দুয়োৰে ১০৩টাকৈ ছিক্সাৰ)৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বৰ্তমানলৈকে ৰোহিত শৰ্মাই ৩৪৭টা ৬ কোবাইছে৷ ইফালে, আজিৰ টি-২০ খনত ভাৰতীয় অধিনায়কজনে ২৯টা বলত ৫০ ৰাণ কৰে৷ খেলখনত ৰোহিতে তিনিটা ৪ আৰু চাৰিটা ৬ কোবাই মাৰমুখী বেটিং কৰে৷

Your Comments