দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কাৰ্যসূচীৰে আজি গুৱাহাটীলৈ মোডী : কাইলৈ চাংসাৰিত এইমছ্‌ৰ ভূমি পূজন

111

কেন্দ্ৰৰ মোডী চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। সন্ধিয়া ৬ বজাত বিশেষ বিমানেৰে আহি প্ৰধান মন্ত্ৰীগৰাকী উপস্থিত হ'বহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। তাৰপৰা পোনে পোনে প্ৰধান মন্ত্ৰীগৰাকী ৰাওনা হ'ব ৰাজভৱনলৈ। আজি ৰাতিটো ৰাজভৱনত কটাই শনিবাৰে পুৱা প্ৰধান মন্ত্ৰী ৰাওনা হ'ব ইটানগৰলৈ।

তাৰবাবে পুৱা গুৱাহাটীৰ পৰা প্ৰধান মন্ত্ৰী মোডী বিশেষ বিমানযোগে ৰাওনা হ'ব লীলাবাৰীলৈ। লীলাবাৰীৰ পৰা হেলিকপ্টাৰযোগে মোডী উৰা মাৰিব ইটানগৰলৈ। ইটানগৰত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী দুপৰীয়া ১২.৩০ বজাত উপস্থিত হ'বহি আমিনগাঁৱত। আমিনগাঁৱৰ পৰা মোডীক বিজেপি দলৰ কর্মীসকলে এক দীঘলীয়া মটৰচাইকেল ৰেলীৰে আদৰি নিব এইমছৰ নিৰ্মাণস্থলীলৈ। তাত প্ৰধান মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এইমছৰ ভূমি পূজনত।

পৰৱৰ্তী সময়ত উক্ত স্থানতে অংশগ্ৰহণ কৰিব এক বিশাল জনসভাত। জনসভাত অংশগ্ৰহণ কৰি পুনৰ প্ৰধান মন্ত্ৰী মোডী অন্য এক কাৰ্যসূচী লৈ দিনৰ ২.৩০ বজাত ৰাওনা হ'ব আগৰতলালৈ। তাত কাৰ্যসূচী সম্পন্ন কৰি শনিবাৰে আবেলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ ৰাওনা হ'ব দিল্লীলৈ। ইফালে গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰীৰ নিৰাপত্তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

লগতে অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা প্ৰশাসনলৈ জাৰি কৰা হৈছে বিশেষ সতৰ্ক বাণী। কাৰণ কোনো দল-সংগঠনে যাতে প্ৰধান মন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন কৰিব নোৱাৰে তাৰবাবে অধিক সতৰ্ক হৈ থকাৰ লগতে যাতে প্ৰধান মন্ত্ৰীয়ে কোনো প্ৰতিবাদৰ সন্মুখীন নহয় তাৰবাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ নির্দেশ প্ৰদান কৰিছে। ইফালে বিশেষ সূত্ৰে পোৱা খবৰ অনুসৰি, মোডীৰ ভ্ৰমণৰ সময়ছোৱাত বহু জাতীয় দল-সংগঠনে নাগৰিকত্ব সংসোধনী বিধেয়কৰ বিৰোধিতাৰে ক'লা পতাকা প্রদর্শন কৰা পূৰ্ণ সম্ভাৱনা আছে।

বহু ঠাইত প্ৰধান মন্ত্ৰী প্ৰতিবাদৰ সন্মুখীন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ইফালে নিৰাপত্তাৰ স্বাৰ্থত আজি সন্ধিয়াৰে পৰা শনিবাৰে প্ৰধান মন্ত্ৰীৰ কাৰ্যসূচী শেষ নোহোৱা পৰ্যন্ত বহু পথত গ্ৰহণ কৰা হৈছে কেতবোৰ নিৰ্দেশনা। বহু পথত যান-বাহন চলাচলত আৰোপ কৰা হৈছে কেতবোৰ বাধা। আনহাতে, বহু ৰাস্তাত ন' পাৰ্কিং জ'ন ঘোষণা কৰিছে। যাতে প্ৰধান মন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাত ক'তো খুঁত ৰৈ নাযায় তাৰবাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।

Your Comments