বুধবাৰে ঘোষিত অসম ন্যায়িক সেৱাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ (গ্ৰেড ৩) হৈ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঞ্জুমনি পেগুৱে। গহপুৰ বাৰ এছ'চিয়েচনৰ সদস্যা তথা গহপুৰ মহকুমা ন্যায়িক আদালতৰ প্ৰাক্তন সহকাৰী চৰকাৰী অধিবক্তা ৰঞ্জুমনি পেগু ছয়দুৱাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হেৰম্বৰ পায়েঙৰ পত্নী। গহপুৰ নগৰৰ ২ নং ৱাৰ্ডৰ ধেনুধৰা গাঁৱৰ বাসিন্দা ৰঞ্জুমনি পেগুৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে গহপুৰ বাৰ এছ'চিয়েনৰ সভাপতি সম্পাদকৰ লগতে সদস্য-সদস্যাসকল।
- Log in to post comments
- 179 views