
অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা প্ৰথমবাৰৰ বাবে "গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱা বটাঁ" প্ৰৱৰ্তন কৰিছে। প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা লাভ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, বিশিষ্ট গীতিকাৰ, লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ইদ্ৰিছ আলিলৈ। অহা ৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট সাহিত্যিক, গীতিকাৰজনলৈ।
উক্ত বঁটাত আছে এখন মানপত্ৰৰ লগতে ২ লাখ টকাৰ মাননি। বিশিষ্ট সাহিত্যিক, গীতিকাৰ ইদ্ৰিছ আলীয়ে অসমীয়া কথা-সাহিত্য, কাব্য-সাহিত্য আৰু গীতি-সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হৈছে। ইয়াৰ ভিতৰত ২০১৩ চনত কলংপাৰ বঁটা লাভ কৰিছিল। মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ সাহিত্য নগৰ নিৱাসী ইদ্ৰিছ আলী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃত গীতিকাৰো। এইগৰাকী প্ৰতিভাধাৰ ব্যক্তি অসম কবি সমাজৰ উপ-সভাপতি আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতিৰ দৰে পদতো অধিষ্ঠিত হৈছিল।
তেওঁৰ প্ৰকাশিত গীতৰ সংকলন নিৰিবিলি, সুৰমিতা আৰু কবিতা পুথি ‘সুখৰ, দুখৰ আৰু প্ৰেমৰ’ উপৰি ‘আগচোতালৰ মেল’ নামৰ এখন উপন্যাসো ৰচনা কৰিছিল। বঁটা লাভ কৰি তেওঁ উল্লেখ কৰে যে পাৰ্বতীপ্ৰসাদ বৰুৱাৰ দৰে মহান গীতিকাৰজনৰ নামত দিয়া বঁটা লাভ কৰি তেওঁ অত্যন্ত সুখী বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। উল্লেখ্য, সাহিত্যৰ প্ৰতি তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে মঙলদৈৰ "দেৱছন্স নাছিং হোমে" আজীৱন বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰি দিছে। তেওঁৰ এই বঁটা লাভত দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্র সন্থা, যুৱ-ছাত্র পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।
- Log in to post comments
- 49 views