মহেন্দ্ৰ সিং ধোনী-ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ অন্যতম টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকী । ধোনীৰ নামত ইতিমধ্যে লিপিবদ্ধ হৈছে ক্ৰিকেট বিশ্বৰ বহু অভিলেখ । শেহতীয়াকৈ আন এক অভিলেখেৰে তেওঁ শিৰোনাম দখল কৰিছে ।
সৰ্বাধিক এদিনীয়া আন্তৰ্জাতিক মেচ খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত তৃতীয় স্থান দখল কৰিছে ধোনীয়ে । ধোনীয়ে এই পৰ্যন্ত খেলিছে ৩৩৫ খন এদিনীয়া মেচ । ৩৪০ খন মেচ খেলি দ্বিতীয় স্থানত আছে 'দ্য ৱাল'ৰূপে খ্যাত ৰাহুল দ্ৰাবিড় । আনহাতে, প্ৰথম স্হান অক্ষুণ্ণ ৰাখিছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে । শচীনে খেলা এদিনীয়া আন্তৰ্জাতিক মেচৰ সংখ্যা ৪৬৩ খন । উল্লেখযোগ্য যে, শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা পঞ্চমখন এদিনীয়াৰে ধোনীয়ে খেলা মেচৰ সংখ্যা ৩৩৫খন হয়গৈ ।
- Log in to post comments
- 95 views