শান্তিপূৰ্ণ পৰিৱেশত এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে বিশ্বনাথবাসীলৈ ধন্যবাদ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

শান্তিপূৰ্ণ পৰিৱেশত এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে বিশ্বনাথবাসীলৈ ধন্যবাদ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ মুহূৰ্তত বিশ্বনাথ জিলাত উপস্থিত থকা জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আজি এক বৈঠকত মিলিত হয়। উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

উপায়ুক্ত ধীৰাজজ্যোতি কলিতাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে বিভাগসমূহৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলৰ পৰা সংশ্লিষ্ট বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰে নৱগঠিত বিশ্বনাথ জিলা পৰিষদ তথা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ বাবে কাৰ্যালয়ৰ আন্তঃগাঁথনি আৰু কৰ্মচাৰীৰ অভাৱৰ কথা ব্যক্ত কৰে। অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনে মন্ত্ৰীগৰাকীক অৱগত কৰে যে মহকুমা পৰ্যায়ৰ আন্তঃগাঁথনি লৈয়েই বিশ্বনাথ জিলাৰ কাম-কাজ চলাই থাকিবলগা হৈছে।

উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে প্ৰতিটো বিভাগতে কৰ্মচাৰীৰ নাটনিৰ বাবে কাম-কাজত সৃষ্টি হোৱা অচলাৱস্থাৰ কথা তেওঁ মন্ত্ৰীগৰাকীক অৱগত কৰে। জিলাৰ আন এগৰাকী অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাই জিলাখনত এই পৰ্যন্ত স্বাস্থ্যকে ধৰি বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ বিষয়া নিযুক্তি নিদিয়াৰ প্ৰসংগ উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে এই সকলোবোৰ সমস্যাৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে। জিলাখনৰ বিভিন্ন বিভাগৰ আধৰুৱা হৈ থকা আঁচনিসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। বৈঠকত বিভাগীয় বিষয়াসকলে ক্ষেত্ৰ পৰ্যায়ত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে।

উল্লেখযোগ্য যে বিশ্বনাথ জিলাখন নতুনকৈ গঠন হোৱাৰ পাছত কেইবাটাও বিভাগৰ বিষয়াসকলে শোণিতপুৰ আৰু বিশ্বনাথ দুয়োখন জিলাৰে কাম-কাজ তদাৰক কৰিবলগীয়া হোৱাৰ ফলত কিছু কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। একেদৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজত বহু বিভাগৰ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ থকাৰ বাবেও কেতবোৰ বিভাগত আঁচনি ৰূপায়ণৰ কাম আশাব্যঞ্জকভাৱে আগবঢ়া নাই। বৈঠকত প্ৰায়বোৰ বিভাগৰ বিষয়াসকলেই তেওঁলোকৰ বিভাগসমূহত বিষয়া-কৰ্মচাৰীৰ অভাৱৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে।

এই সমস্যাসমূহ অতি সোনকালে অন্ত পৰিব বুলি আশা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সক্ৰিয়ভাৱে আৰু প্ৰতিযোগিতাৰ মনোভাবেৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। আজিৰ বৈঠকত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ নৱনিযুক্ত অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য আদিও উপস্থিত থাকে। আজি বিয়লিৰ ভাগত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে উপায়ুক্তৰ সভাকক্ষত এখন সংবাদমেলো সম্বোধন কৰে। বিশ্বনাথ জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে প্ৰকাশ পোৱাৰ বাবে তেওঁ বিশ্বনাথবাসীক ধন্যবাদ জ্ঞাপন কৰে। এইক্ষেত্ৰত জিলাখনৰ সংবাদ মাধ্যমৰ ভূমিকাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।

Your Comments