গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অহা ৯, ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত গোলাঘাট ছাইৰ বাবে ভাৰোত্তোলন, বক্সিং, টেবুল টেনিছ আৰু ফুটবলৰ ১২-১৫ বছৰ বয়সৰ বাছনি শিবিৰ অনুষ্ঠিত হ'ব। গোলাঘাট ছাইৰ মুখ্য প্ৰশিক্ষক তথা ভাৰপ্ৰাপ্ত বিষয়া এল বজেন্দ্ৰ সিঙে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়া মতে, ভাৰোত্তোলন ৯, বক্সিং ১০ আৰু ফুটবলৰ ১২ তাৰিখে গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু ছাই কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা এই বাছনি অনুষ্ঠিত হ'ব।
আনহাতে, ১১ তাৰিখে পুৱা ৮ বজাৰ পৰা টেবুল টেনিছৰ গোলাঘাট প্ৰবীণ কুমাৰ গগৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইচ্ছুক খেলুৱৈসকলে অধিক জানিবৰ বাবে ৭৯৮০৪ ৩৮৯৫৯, ৬২৯৬৪ ৫০৩৮২, ৯৭৭৪৫ ২৮৬০৯, ৮৭৩১৯ ৭০০৩৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা জনাইছে।
- Log in to post comments
- 7 views