কেন্দ্ৰীয় বিত্তমন্ত্ৰী পীযূষ গোৱেলে শুকুৰবাৰে দাখিল কৰা মোডী চৰকাৰৰ অন্তিম বাজেটত ক্ৰীড়া বিভাগৰ বাবে ২০১৯-২০ বৰ্ষত ধাৰ্য কৰিছে মুঠ ২,২১৬.৯২ কোটি টকা৷ উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ২,০০২.৭২ কোটি টকা৷ খেলুৱৈসকলৰ সাহায্যৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ৬৩ কোটিৰ পৰা ৮৯ কোটি টকালৈ বৃদ্ধি কৰিছে৷ অৱশ্যে ৰাষ্টীয় ক্ৰীড়া ফেডাৰেচনৰ ধন সামান্য হ্ৰাস কৰিছে৷ ২৪৫.১৩ কোটিৰ পৰা ইয়াৰ পৰিমাণ হ'ব ২৪৫ কোটি৷ 'খেলো ইণ্ডিয়া'ৰ বাবেও বাজেটত ৫০,৩১ কোটি টকা বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷
- Log in to post comments
- 11 views