তামুলপুৰ মহকুমাত শান্তিপুৰ্ণভাৱে প্ৰকাশ জাতীয়  অস্তিত্বৰ দলিল এন আৰ চিৰ খচৰা

তামুলপুৰ মহকুমাত শান্তিপুৰ্ণভাৱে প্ৰকাশ জাতীয়  অস্তিত্বৰ দলিল এন আৰ চিৰ খচৰা

সমগ্ৰ ৰাজ্যৰ লগতে আজি পুৱা ১০ বজাত জাতীয়  অস্তিত্বৰ দলিল এন আৰ চিৰ চূড়ান্ত খচৰা তালিকা  তামুলপুৰ মহকুমাৰ এন আৰ চি  সেৱা কেন্দ্ৰসমূহতো প্ৰকাশ পালে। 
উল্লেখযোগ্য যে বাক্সা  জিলাৰ তামুলপুৰ মহকুমা অাৰু  তামুলপুৰ আৰক্ষী প্ৰশাসনে  তামুলপুৰ মহকুমাৰ  অন্তৰ্গত কেইবাটাও অঞ্চল স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছিল যদিও জনসাধাৰণে শান্তি-সম্প্ৰীতি অটুট ৰাখি নিজৰ নামটো এন আৰ চি তালিকাত চাবলৈ এন আৰ চি  কেন্দ্ৰসমুহত ভিৰ কৰা পৰিলক্ষিত হয়। আনহাতে, শান্তি-শৃংখলা অটুট ৰাখিবলৈ প্ৰশাসনে মোতায়েন কৰে অৰ্ধসামৰিক বাহিনীকে ধৰি অতিৰিক্ত আৰক্ষী।

জিলা প্ৰশাসনে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ২১টা কেন্দ্ৰৰ ১১টা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছিল যদিও বৰ্তমানলৈকে মহকুমাটোত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাই। সকলো এন আৰ চি কেন্দ্ৰতে সম্পূৰ্ণ  খচৰা তালিকা প্ৰকাশৰ প্ৰক্ৰিয়া সুকলমে চলে। উল্লেখ্য যে বাক্সা জিলা তামুলপুৰ মহকুমাত মুঠ আবেদনকাৰী ২৬২৭৫৯জনৰ পূৰ্ণাংগ খচৰাত  নাম আহিল ১৯৮৯৪০জনৰ। 


মুঠ আবেদনকাৰীৰ  বাদ পৰিল  ৬৩৮১৯জন । বাদ পৰা আবেদনকাৰীসকলক সংকিত নহ'বলৈ  তামুলপুৰ জিলা এ বি এমছু ৰ সভাপতি টাইচন হুছেইনে আহ্বান  জনায়। লগতে  বাদপৰি যোৱা আবেদনকাৰীসকলক সম্পূৰ্ণ  সহায়-সহযোগিতা  কৰিব বুলি তেওঁ  সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

Your Comments