দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা যুৱকক ৰঙিয়াত ঘপিয়াই হত্যা

দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা যুৱকক ৰঙিয়াত ঘপিয়াই হত্যা

ৰঙিয়াৰ ওচৰৰ বিহাপাৰা গাঁৱৰ আনচাৰ আলী নামৰ ব্যক্তিজনক দুৰ্বৃত্তই ডেগাৰেৰে ঘপিয়াই হত্যা কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে কাউৰবাহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই গেপ্তাৰ কৰে। সেই ঘটনাটোত দুৰ্নীতি নিবাৰক শাখাক সহায় কৰা আনচাৰ আলীয়ে কাউৰবাহাৰ পৰা উভতি অহা সময়ত খন্দিকৰৰ চাইফুদ্দিন, গোলাম নবী আজাদ, মনিৰ আলী আৰু খালেক আলীয়ে আজি বিয়লি ৰাস্তাত আগভেটি ধৰি ডেগাৰেৰে ঘপিয়াই হত্যা কৰে।

এই খবৰ পাই পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক ৰঙিয়া পলিক্লিনিকত ভৰ্তি কৰায় যদিও মূৰ আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনচাৰ আলীক ডাক্তৰে মৃত ঘোষণা কৰে।
পৰিয়ালৰ লোকে অভিযোগ কৰামতে কাউৰবাহাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক দুৰ্নীতিৰ বাবে দুৰ্নীতি নিবাৰক শাখা গেপ্তাৰ কৰাত আনচাৰ আলীয়ে সহায় কৰিছিল। আনহাতে, আৰক্ষী বিষয়া মুনীন দত্তৰ অবৈধ কামবোৰত হত্যাকাৰী গোলাম নবী আজাদ, চাইফুদ্দিন আলী, মনিৰ আলী আৰু খালেক আলী ওতপ্ৰোতভাৱে জড়িত আছিল৷

তদন্তত গেপ্তাৰ হোৱাৰ ভয়তে আজি আনচাৰক হত্যা কৰা হ'ল বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে। পিছত ৰঙিয়া আৰক্ষী থানাৰ বিষয়া পলিক্লিনিকলৈ আহি আনচাৰ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

Your Comments