মিতালী ৰাজৰ বিৰল কৃতিত্ব : ২০০ খন এদিনীয়া খেলা প্ৰথমগৰাকী মহিলা

2

আজি নিউজীলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত ভাৰত-নিউজীলেণ্ডৰ এদিনীয়া শৃংখলাৰ তৃতীয়খন খেলত অধিনায়ক মিতালী ৰাজে এক বিৰল কৃতিত্ব অর্জন কৰে। উক্ত খেলখনত ভাৰতীয় মহিলা ক্ৰিকেটাৰগৰাকীয়ে ২০০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে ৩৬ বছৰীয়া ভাৰতীয় মহিলা ক্ৰিকেটাৰগৰাকীয়ে ১৯৯৯ চনৰ ২৫ জুনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাইছিল। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে খেলা ২৬৩ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ ২০০ খনতে অংশগ্ৰহণ কৰিছে মিতালী ৰাজে৷ বৰ্তমানলৈকে ৬৬২২ ৰাণ সংগ্ৰহ কৰি তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিবলৈও সক্ষম হৈছে।

Your Comments