চেন্নাইত‌ অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটেত অসমৰ কৌস্তভৰ‌‌ স্বৰ্ণ পদক লাভ

চেন্নাইত‌ অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটেত অসমৰ কৌস্তভৰ‌‌ স্বৰ্ণ পদক লাভ

চেন্নাইত‌ অনুষ্ঠিত ২১সংখ্যক ৰাষ্ট্ৰীয় কাৰাটে ‌চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। এই প্ৰতিযোগিতাত‌‌ অসমৰ‌ অলষ্টাইল‌ কাৰাটে ডো সন্থাৰ ২৭জনীয়া ‌দলে‌ অংশগ্ৰহণ ‌কৰে‌। অসমৰ‌ দলটোৱে প্ৰতিযোগিতাখনত এটা স্বৰ্ণ আৰু ‌চাৰিটা ৰূপৰ পদকসহ মুঠ ‌১২টা পদক‌ লাভ কৰিবলৈ ‌সক্ষম হয়। ল'ৰাৰ কেডেটৰ ব্যক্তিগত কাটা‌‌ ইভেণ্টত কৌস্তভ গগৈয়ে অৰ্জন কৰে সোণৰ পদক আৰু লগতে পুৰুষ দলৰ কাটা ইভে‌ণ্টত ৰূপৰ পদক অৰ্জন কৰা‌ দুগৰাকী খেলুৱৈ হৈছে ছানি‌ শৰ্মা আৰু ‌টানিৰক‌ প্ৰিন্স ৰিংপি।

ইফালে ছোৱালীৰ ৰচনা অনূৰ্ধ্ব ২১ কুমিটেৰ ৬৮ কিঃগ্ৰাঃ ঊৰ্ধ্বৰৰ শাখাত দীপাঞ্জলীয়ে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক‌ লাভ কৰা খেলুৱৈসকল‌ হৈছে চম্পা ৰাভা, নিশাংক নাৰায়ণ বৰুৱা, কিম্পি বুঢ়াগোহাঁই, হৰিপ্ৰিয়া দিহিঙীয়া আৰু ভানুপ্ৰিয়া ৰায়। কিম্পি আৰু ভানুপ্ৰিয়াই মহিলা দলৰ টাটা  ইভেণ্টত তৃতীয় স্থান দখল‌ কৰে। প্ৰতিযোগিতাখনত অসম দলৰ প্ৰশিক্ষক হিচাপে আছিল কৌশলী চম্পা ডেকা।

Your Comments