হোজাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ তথ্য নিদিলে জিলা উপায়ুক্তই

nrc

আজি অসমবাসী এক ঐতিহাসিক দিনৰ সাক্ষী হ'ল ৷ সুদীৰ্ঘ এক পৰিক্ৰমাৰ অন্তত বহু প্ৰত্যাশিত আৰু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ সময়ত হোজাই জিলাত কিমানজন লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত প্ৰকাশ পালে, কিমানজনৰ নাম কৰ্তন হ' ল সেই সম্পৰ্কে একো তথ্য নিদিলে হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷

আজি পুৱাৰে পৰা ডবকা, হোজাই, লংকা, লামডিঙৰ সাংবাদিকসকলে এন আৰ চি সংক্ৰান্তীয় তথ্যৰ বাবে হোজাই জিলা উপায়ুক্তৰ লগতে হোজাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাক বাৰম্বাৰ যোগাযোগৰ পিছতো এই বিষয়ে ৰাজহুৱা কৰা নাই কোনো তথ্য ৷ এই লৈ হোজাই জিলাৰ সাংবাদিকসকলৰ লগতে হোজাই জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

nrc

কেৱল সেয়াই নহয়, হোজাই জিলাৰ সাংবাদিকসকলে বাতৰি প্ৰেৰণৰ ক্ষেত্ৰতো তীব্ৰ আহুকালৰ সন্মুখীন হৈছে। হোজাই জিলাৰ উপাযুক্তগৰাকীয়ে কি কাৰণত সাংবাদিকক তথ্য নিদিলে এই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ হোজাই জিলাৰ উপাযুক্তগৰাকীৰ এই স্থিতিয়ে বিমোৰত পেলাইছে সাংবাদিকসকলক ৷

ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে হোজাই জিলাৰ তিনিটা সমষ্টি ক্ৰমে হোজাই, যমুনামুখ আৰু লামডিং সমষ্টিত ৮৫টা এন এছ কেত ১০ লাখ ২৩ হাজাৰ ১১৪গৰাকীয়ে এন আৰ চিৰ বাবে আবেদন কৰিছিল। বৰ্তমান হোজাই জিলাত ৮৪৭৩জন চিনাক্ত বিদেশী আছে ৷ ১৭১৮টা বিদেশী সংক্ৰান্তীয় গোচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে ৷

জিলাখনত ২৭৭১জন আছে "ডি" ভোটাৰ ৷ ইয়াৰ মাজত কিমানৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত প্ৰকাশ পালে, কিমানজনৰ নাম বাদ পৰিল একো তথ্য দিয়া নাই হোজাই জিলা প্ৰশাসনে ৷ কি কাৰণত হোজাইৰ উপাযুক্তগৰাকীয়ে সাংবাদিকক তথ্য প্ৰদানৰ পৰা বিৰত আছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত ৷

Your Comments