চতুৰ্থ এদিনীয়াত লজ্জাজনক পৰাজয়ৰ মুখ দেখিলে 'টীম ইণ্ডিয়া'ই৷ নিউজীলেণ্ডৰ বেগী বলাৰ ব'ল্ট আৰু গ্ৰেণ্ডহোমৰ ছুইং বলিঙত তিষ্ঠিব নোৱাৰি মাত্ৰ ৯২ ৰাণতে ইনিংছ সামৰে ভাৰতীয় দলে৷ নিউজীলেণ্ডে মাত্ৰ ১৪.৪ অভাৰত দুই উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে৷ উল্লেখ্য যে বল বাকী ৰৈ যোৱাৰ দিশত এই পৰাজয় ভাৰতীয় ক্ৰিকেট দলৰ বাবে সবাতোকৈ শোচনীয় পৰাজয়৷ ইনিংছৰ ২১২টা বল বাকী থাকোতেই নিউজীলেণ্ডে বিজয় সাব্যস্ত কৰে৷
ইয়াৰ পূৰ্বে ২০১০ চনত শ্ৰীলংকাই ইনিংছৰ ২০৯টা বল বাকী থাকোতেই শ্ৰীলংকাৰ ডাম্বুলাত ভাৰতক পৰাস্ত কৰিছিল৷ ট্ৰেণ্ট ব'ল্টে ২১ ৰাণত ৫টা উইকেট দখল কৰে৷ আনহাতে গ্ৰেণ্ডহোমে ২৬ৰাণত ৩টা উইকেট দখল কৰে৷ আজিৰ খেলখনত বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ অনুপস্থিতিত ভাৰতীয় দলৰ বাবে যথেষ্ট ক্ষতিকাৰক বিবেচিত হয়৷
- Log in to post comments
- 10 views