অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলি আছে যদিও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উত্তৰ-পূবৰ জনতাৰ আবেগ-অনুভূতিক সমূলি গুৰুত্ব দিয়া নাই।তাৰ প্ৰমাণ পুনৰ পোৱা গ'ল বিজেপিৰ সভাপতি অমিত শ্বাহৰ বক্তব্যত।মঙলবাৰে পশ্চিমবংগৰ এখন সভাত অমিত শ্বাহে উল্লেখ কৰে যে পশ্চিমবংগৰ প্ৰতিজন শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ বিজেপি বদ্ধপৰিকৰ।শ্বাহৰ বক্তব্যত বিজেপিয়ে যে হিন্দু বাংলাদেশীক লৈ নিৰ্বাচনী ভোটবেংকৰ ৰাজনীতি কৰিছে,সেই কথা পুনৰ স্পষ্ট হ'ল।
- Log in to post comments
- 84 views