জননেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ বিয়োগ : ৰে'ল হৰতাল, জৰুৰীকালীন সময়ৰ ভূমিকাৰ বাবে সদাস্মৰণীয় 

ৈ

প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা সমতা পাৰ্টিৰ প্ৰতিষ্ঠাপক জননেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ আজি পুৱা মৃত্যু হয়৷ পুৱা ৭ বজাত মৃত্যু হোৱা ফাৰ্ণাণ্ডেজ কিছু দিনৰ পৰা ছোৱাইন ফ্লু আক্ৰান্ত হৈ দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ ফাৰ্ণাণ্ডেজ কেইবা বছৰৰ পৰা আলজেইমাৰত আক্ৰান্ত হৈ থকা বাবে ৰাজহুৱা জীৱনৰ পৰা আতৰি আছিল৷ মৃত্যুৰ সময়ত বৰ্ষীয়ান নেতাজনৰ বয়স ৮৮ হৈছিল৷ দীঘলীয়া ৰাজনৈতিক জীৱনত জৰ্জ ফাৰ্ণাণ্ডেজ ৯ বাৰ লোকসভালৈ সাংসদ নিৰ্বাচিত হৈছিল৷ ভিপি সিঙৰ নেতৃত্বাধীন চৰকাৰত তেওঁ ৰে'ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

পৰৰ্বতী সময়ত তেওঁ বিজেপি নেতৃত্বাধীন এনডিএৰ আহ্বায়ক অথবা সমন্বয়ক পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি এনডিএৰ ৰাজনৈতিক সংকটমোচকৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এনডিএৰ কোনো দল অসন্তুষ্ট হ'লে তেনে দলৰ সৈতে সম্পৰ্ক পুনৰ সুদৃঢ় কৰাত ফাৰ্ণাণ্ডেজে স্মৰণীয় ভূমিকা পালন কৰিছিল৷ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন এনডিএ চৰকাৰত ফাৰ্ণাণ্ডেজে প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল৷

ভাৰতক প্ৰতিৰক্ষাৰ দিশত শক্তিশালী কৰিবলৈ ফাৰ্ণাণ্ডেজে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল৷ এজন সংগ্ৰামী নেতা হিচাপে জৰুৰীকালীন সময়ত ফাৰ্ণাণ্ডেজৰ ভূমিকা অবিস্মৰণীয় হিচাপে চিহ্নিত হৈছে৷ ইন্দিৰা গান্ধীৰ চৰকাৰৰ বিৰুদ্ধে জৰুৰীকালীন সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা ফাৰ্ণাণ্ডেজক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল৷ জৰুৰীকালীন অৱস্থাৰ পিছত ফাৰ্ণাণ্ডেজে কাৰাগাৰৰ পৰাই বিহাৰৰ মুজফ্ফৰপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত যুজি বিজয় সাব্যস্ত কৰিছিল৷ মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাত তেওঁক তেওঁক মন্ত্ৰিত্ব প্ৰদান কৰা হৈছি্ল৷

১৯৭৪ চনৰ ভাৰত কঁপোৱা ৰে'ল হৰতালৰ বাবেও ফাৰ্ণাণ্ডেজক মনত পেলাব পাৰি৷ সেই সময়ত সৰ্বভাৰতীয় ৰে'লৱেমেন ফেডাৰেচনৰ প্ৰমুখ হিচাপে ফাৰ্ণাণ্ডেজৰ নেতৃত্বৰ উক্ত হৰতালে চৰকাৰৰ নিদ্ৰা হৰণ কৰিছিল৷ ১৯৩০ চনৰ ৩ জুনত জন্মগ্ৰহণ কৰা জৰ্জ ফাৰ্ণাণ্ডেজৰ অসম দৰদী ভূমিকাও উল্লেখনীয়৷

এনডিএ চৰকাৰৰ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ অসমৰ জ্বলন্ত সমস্যাৰ সমাধানত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ আনহাতে, কাশ্মীৰ সমস্যা সমাধানত জননেতাগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিছিল৷ ফাৰ্ণাণ্ডেজৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ 

Your Comments