গুৱাহাটীত অনুষ্ঠিত হয় নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধী উত্তৰ-পূৰ্বাঞ্চলৰ ১১টা ৰাজনৈতিক দলৰ বৈঠক৷ বৈঠকত সকলো ৰাজনৈতিক দলে একত্ৰিতভাৱে জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সংকল্প গ্ৰহণ কৰে৷ বৈঠকত অসম গণ পৰিষদ, এনপিপি, এমএনএফ, পিডিএফ, এছপিডিপি, আইপিএফটি, ইউডিপি, এনডিপিপি আদি ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হয়৷
অসম গণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত বৈঠকত ৫টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ এনপিপি দলৰ প্ৰতিনিধি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই প্ৰস্তাৱসমূহ পাঠ কৰি দিয়ে৷ প্ৰস্তাৱত উত্তৰ-পূৰ্বাঞ্চলত সকলো ৰাজনৈতিক দলে একত্ৰিতভাৱে বিধেয়কখনৰ বিৰোধিতা কৰাৰ সংকল্প গ্ৰহণ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি উত্তৰ-পূবৰ জনতাৰ বিধেয়ক বিৰোধিতাৰ কথা জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷
সংসদৰ ভিতৰে-বাহিৰে বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদৰ কৰাৰ বিষয়ে উল্লেখ কৰা হয়৷ উত্তৰ-পূবৰ দলসমূহে দেশৰ অন্য দল, অন্যন্য ৰাজ্যৰ আঞ্চলিক দলৰ সৈতে ঐক্যবদ্ধ হৈ ভাৰতৰ বিভিন্ন প্ৰান্তত বিধেয়ক বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰাৰ বিষয়ে উল্লেখ কৰে৷ বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূববাসীৰ বিধেয়ক বিৰোধিতাৰ বিষয়ে উপলব্ধি কৰিব আৰু বিধেয়কখন নাকচ কৰিব৷
কনৰাড চাংমাই লগতে মন্তব্য কৰে যে বিধেয়ক বিৰোধিতাৰে মিলিত হোৱাটো কোনো 'পলিটিকেল ইছ্যু' নহয়৷ বিধেয়ক বিৰোধিতাৰ ঐক্যবদ্ধ আৱাজ উঠাবলৈ আমি একত্ৰিত হৈছোঁ৷ উল্লেখ্য যে বিধেয়কখনৰ বিৰোধিতা কৰা বিহাৰৰ শাসনাধিষ্ঠ দল জেডি(ইউ)ৰ প্ৰতিনিধিও বৈঠকখনত উপস্থিত থাকে৷
- Log in to post comments
- 32 views