গুৱাহাটীত বিধেয়ক বিৰোধী উত্তৰ-পূবৰ দলসমূহৰ বৈঠক

ো

আজি গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলসমূহৰ বৈঠক৷ অসম গণ পৰিষদৰ উদ্যোগত বৈঠকখন অনুষ্ঠিত হৈছে৷ বৈঠকত অংশগ্ৰহণ কৰিছে উত্তৰ-পূবৰ ১১টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে৷ বৈঠকত উপস্থিত আছে অগপ, এনপিপি, এনডিপিপি, ইউডিপি, আইটিপিএফ, এনপিএফ আদি দলৰ প্ৰতিনিধি৷

বৈঠকত এনপিএফৰ ৭জন বিধায়ক উপস্থিত আছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাইও অংশগ্ৰহণ কৰিছে৷ বৈঠকত বিজেপি নেতৃত্বাধীন 'নেডা'ৰ ৬টা অংশীদাৰ দলেও যোগ দিছে৷    

Your Comments